ভাৰতৰ বাৰম্বাৰ বিৰােধিতাৰ পাছতাে গিলগিট-বাল্টিস্তানক নিজৰ দখলত ৰখাৰ কূটকৌশল ত্যাগ কৰা নাই পাকিস্তানে। এইবাৰ ইমৰান খানৰ চৰকাৰে এই অঞ্চলক অস্থায়ী প্রদেশৰ স্বীকৃতি প্রদানৰ সিদ্ধান্ত ল’লে।
ADVERTISEMENT
ভাৰতে পূর্বৰে পৰা দাবী কৰি আহিছে যে জম্মু-কাশ্মীৰ আৰু লাডাখ এই দুই কেন্দ্রশাসিত অঞ্চল ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু ইয়াৰে অধীনত গিলগিট-বাল্টিস্তানাে আছে।
কিন্তু পাকিস্তানে ভাৰতৰ এই দাবী অগ্রাহ্য কৰি আহিছে। এইবাৰ ইমৰান চৰকাৰে গিলগিট-বাল্টিস্তানক অস্থায়ী প্রদেশ স্বীকৃতিদানৰ যাে-জা চলাইছে। ২৬ সংখ্যক সংবিধান সংশােধনী বিধেয়কৰ জৰিয়তে পাকিস্তানে এই অঞ্চলত অস্থায়ী প্রদেশৰ স্বীকৃতি দিব।