বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ শিক্ষকৰ
বকো হাই স্কুল প্ৰাংগন আজিও পুনৰ উত্তপ্ত হৈ পৰে। ৩০ জুলাইত ঘোষণা কৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ সন্তুষ্ট নহয় অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকল । বকো হাই স্কুলৰ অনুত্তীৰ্ণ ছাত্ৰীসকলে নৱম আৰু দশম শ্ৰেণীৰ মাৰ্কশ্বিট বিচাৰি ঘেৰাও কৰে প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনক।
আনহাতে, ছাত্ৰীসকলৰ হাতত মাৰ্কশ্বিট দিব নোৱাৰিলে প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনে। মাৰ্কশ্বিটসমূহ ছেবাক জমা দিয়াৰ বাবে স্কুলত ছাত্ৰ-ছাত্ৰীসকলক দিব নোৱাৰাৰ দায় সৰা মন্তব্য দিয়াৰ অভিযোগ ক্ষোভিত ছাত্ৰীসকলৰ। যাৰ ফলত কান্দোনত ভাগি পৰে ছাত্ৰীসকল। আবেগত আমাৰ মৃত্যু হোৱাই ভাল বুলি অশ্ৰুসিক্ত নয়নেৰে নিজৰ মত প্ৰকাশ কৰে।
ছাত্ৰীসকলৰ দাবী মাৰ্কশ্বিট চালেহে মানি ল’ম অনুত্তীৰ্ণ হোৱা বুলি। মাৰ্কশ্বিট নিদিয়াৰ মূলতে হ’ল স্বজন প্ৰীতিৰ লেনা দেনা বুলিও অভিযোগ আনিছে। আনহাতে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক দুব্যৱহাৰ কৰে শিক্ষকে। সহকাৰী শিক্ষক কেশৱ চন্দ্ৰ বড়োই দুৰ্ব্যৱহাৰ কৰে বকোৰ সাংবাদিক মণিমালা ডেকাক । সাংবাদিকগৰাকীক কৰা দুৰ্ব্যৱহাৰত ক্ষোভিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল।
বাতৰি সংগ্ৰহৰ বাবে ছাত্ৰ ছাত্ৰীসকলে মাতি অনা সাংবাদিকগৰাকীক কৰ্তব্যৰত অৱস্থাত দুৰ্ব্যৱহাৰ কৰাত ছাত্ৰ ছাত্ৰীসকলে স্কুল কৰ্তৃপক্ষক দোষাৰোপ কৰিছে।