মুছলপুৰৰ এহাল বৃদ্ধ দম্পতীৰ কৰুণ জীৱন গাঁথা

আজিলৈকে পাবলৈ সক্ষম হোৱা নাই কোনোধৰণৰ চৰকাৰী সা-সুবিধা

Screenshot 20210802 181259 Video Player

এহাল ৭০ উৰ্ধৰ বৃদ্ধ দম্পতী । জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা নূন্যতম সা-সুবিধা একোৱেই নথকা অসহায় বৃদ্ধহালে অতি কষ্টেৰে জীৱন যাপন কৰিছে । বৃদ্ধ দম্পত্তীহালৰ ঘৰ বাগসা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গড়ভিতৰ গাওঁত । নাম কমলা বড়ো আৰু হেঠা বড়ো । থাকিবলৈ এটা নিৰাপদ ঘৰ নাই দুয়োৰে ৷

বৃদ্ধ দম্পত্তীহালে আজিলৈকে পোৱা নাই কোনো চৰকাৰী আঁচনিৰ সুবিধা । এটা পুৰণি জৰাজীৰ্ণ ঘৰত বাস কৰা বৃদ্ধহালৰ ঘৰৰ ভিতৰৰ পৰা আকাশ দেখা পায় ৷ বৰষুণ দিলে ঘৰৰ ভিতৰত বৰষুণৰ পানী পৰে । বহুদিন মেৰামতি নকৰা বাবে বেৰবোৰো জহিখহি গৈছে ।

ঘৰটোত শুবলৈ বিচনা এখনো নথকাত মাটিতে বস্তা পাৰি শোৱে বৃদ্ধ দম্পত্তীহালে । তৰিবলৈ নাই এখনো আঠুৱা । মহবোৰ তেওঁলোকৰ যেন জীৱন লগৰী ৷ পিয়াহৰ এটুপি পানী খাবলৈ নাই এটা দমকল ৷ সমগ্ৰ দেশত গৰিষ্ঠ সংখ্যকে লাভ কৰিছে চৰকাৰৰ বিনামূলীয়া শৌচাগাৰ ৷ পিছে এই দম্পত্তিহালে নাপালে চৰকাৰী তেনে সুবিধা ।

পাবলৈ সক্ষম হোৱা নাই চৰকাৰৰ বৃদ্ধ পেঞ্চন । চৰকাৰৰ বিনামূলীয়া বিজুলীৰ সংযোগ নাপালে ৷ বিজুলীৰ পোহৰ দেখা নাপালে ৷ চৰকাৰৰ বিনামূলীয়া উজলা আঁচনিৰ অধীনত বৃদ্ধ-বৃদ্ধাহালে ৰন্ধন গেছৰ সংযোগ নোপোৱাত জুই ফুৱাই ফুৱাই খৰিতে সিজায় ভাতমুঠি । চৰকাৰৰ ঘৰত এওঁলোকৰ নামেই নাই ৷

পুত্ৰ থাকে গুৱাহাটীত ৷ পুত্ৰই গুৱাহাটীত থাকি নিজৰ পৰিয়াল পোহপাল দি আছে যদিও যোৱা বিশ বছৰ ধৰি বৃদ্ধ পিতৃ-মাতৃৰ খবৰ লোৱা নাই । বিগত সময়ছোৱাত কমলা বড়োৱে আনৰ ঘৰত হাজিৰা কাম কৰি কোনোমতে দুবেলা দুসাজ খাইছিল যদিও বয়সৰ ভৰত দুৰ্বল আৰু কুজা হৈ পৰাত আজিকালি কোনেও কামত নলগায় । কোনেও তেওঁক কাম কৰিবলৈ নামাতে ৷ সম্প্ৰতি বৃদ্ধহালৰ পেটৰ ভাতমুঠিৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে ৷

আনহাতে পত্নী হেঠা বড়োৰ চকুৰ অসুখটো চিকিৎসা কৰিব নোৱাৰাত প্ৰায় অন্ধ হৈ পৰিছে ৷ পৰিয়ালটোৰ এই দুৰৱস্থাৰ পিচতো ৰজাঘৰীয়াৰ নাই কোনো সহানুভূতি । ভূমিপুত্ৰ বড়োসকলৰ উন্নয়ন তথা আত্মনিয়ন্ত্ৰণৰ বাবে তিনিখনকৈ চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো এইদৰে বড়ো দম্পতীহালে অতি কদৰ্যময় অৱস্থাত দুৰ্বিষহ জীৱন যাপন কটাবলগীয়া হোৱাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া ৰাজত্বৰ সময়ত কোনো চৰকাৰী সাহায্য তথা আঁচনি লাভ নকৰিলে ৷ স্থানীয় বহু লোকৰ ক্ষোভ সেইটোতে ৷ বিগত সময়ত কোনো এজন জনপ্ৰতিনিধি বা নেতাৰ দৃষ্টিত নপৰিল ৷ এই অসহায় বৃদ্ধহালক চৰকাৰী বিভিন্ন আঁচনিৰ জৰিয়তে মৰ্যদাপূৰ্ণ জীৱন যাপন কৰিবলৈ বাগানপাৰা পৰিষদীয় সমষ্টিৰ এম চি এল এ তথা বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় ।

Exit mobile version