স্কলাৰশ্বিপৰ নামত বৃহৎ জালিয়াতিৰ অভিযোগ আমছুৰ। কেন্দ্রীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ পিছপৰা ১০ হেজাৰ ছাত্র ছাত্রীক প্ৰতি বছৰে প্ৰদান কৰি আহিছে ইছান উদয় ছাত্ৰ বৃত্তি (স্কলাৰশ্বিপ)। কিন্তু এই স্কলাৰশ্বিপ অসমৰ প্ৰায় ৫৪১৭ গৰাকী ছাত্র ছাত্রীক প্ৰদান কৰা হৈছে। কিন্তু জানি আচৰিত হ’ব এই স্কলাৰশ্বিপ পোৱা ৩০০০ ছাত্র ছাত্রীক ভুৱাকৈ প্ৰদান কৰা হৈছে।
এই স্কলাৰশ্বিপ পোৱা আবুল বাচাৰ নামৰ এজন ছাত্রৰ নাম তালিকাত ১০বাৰ প্ৰকাশ পাইছে অৰ্থাৎ এজন লোকক ১০ বাৰ প্ৰদান কৰা হৈছে ৫৪০০০কৈ টকা। কেৱল সেয়াই নহয়, স্কলাৰশ্বিপ প্ৰদান কৰা মহাবিদ্যালয়সমূহক লৈও জালিয়াতি চলোৱাৰ অভিযোগ আমছুৰ।
স্কলাৰশ্বিপ প্ৰদান কৰা বহু লোকৰ নাম ঠিকনাক লৈও বহু খেলি মেলি দেখা গৈছে। বহু ছাত্ৰ-ছাত্ৰীৰ পিতৃৰ নাম মুছলমান আৰু ধৰ্ম উল্লেখ আছে হিন্দু তালিকাখনত। চৰকাৰে প্ৰকাশ কৰা স্কলাৰশ্বিপৰ তালিকাত ব্যাপক খেলি মেলি দেখা গৈছে। এই সমগ্র ঘটনাৰ এক উচ্চ প্ৰৰ্যায়ৰ তদন্ত বিচাৰি আমছুৰ কেন্দ্রীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে ।