কেন্দ্রীয় বিদ্যালয়ত নামভৰ্তিত সাংসদৰ বাহিৰে আন সংৰক্ষণ ব্যৱস্থা বাতিল

KVS School

কেন্দ্রীয় চৰকাৰে দেশৰ কেন্দ্রীয় বিদ্যালয়সমূহত নামভৰ্তিৰ ক্ষেত্ৰত সাংসদ বাহিৰে আন সকলাে আসন সংৰক্ষণ (কোটা) প্রত্যাহাৰ কৰিবলৈ সিদ্ধান্ত ল’লে।

এতিয়াৰে পৰা সাংসদসকলৰ কোটাৰ ১০ খন আসনৰ বাহিৰে আন কোটা নাথাকিব। অর্থাৎ কেন্দ্রীয় শিক্ষা মন্ত্রীয়েও কেন্দ্রীয় বিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত সাংসদ হিচাপে ১০ আসনৰ কোটা লাভ কৰিব।

শিক্ষা মন্ত্রণালয়ে পূর্বে নামভৰ্তিৰ ক্ষেত্ৰত লাভ কৰা কোটা ব্যৱস্থা এতিয়াৰ পৰা নাথাকিব। কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত এতিয়াৰ পৰা দেশৰ প্ৰতিজন সাংসদে ১০ জন ছাত্র-ছাত্রীৰ নামভৰ্তিৰ বাবে নাম প্রস্তাৱ কৰিব পাৰিব।

পূর্বে কেন্দ্রীয় শিক্ষামন্ত্রীয়ে ৪৫০ আসনত নামভৰ্তিৰ বাবে কোটা লাভ কৰিছিল। এই ব্যৱস্থা আগন্তুক শিক্ষাবর্ষৰ পৰা দেশৰ কেন্দ্রীয় বিদ্যালয়ত প্রযােজ্য নহ’ব।

Exit mobile version