হোৱাটছএপট’ অদৃশ্য ‘হব ফটো -ভিডিঅ !আহিছে নতুন আপডেট

WhatsApp WhatsApp update WhatsApp adverts WhatsApp ads WhatsApp Status WhatsApp Android WhatsApp news WhatsApp latest 1030743

বিশ্বৰ অন্যান্য মেচেজিং এপ্লিকেচনতকৈ নিজক আগবাঢ়ি ৰাখিবলৈ নিৰন্তৰে নতুন নতুন আপডেট লৈ আহিছে হোৱাটছএপে । এইবাৰ নতুন আপডেটত আছে আমোদজনক কিছু পৰিবৰ্তন । ব্যৱহাৰকাৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি এই আপডেট অনা হৈছে।

এই সুবিধাটোৱে ব্যৱহাৰকাৰীসকলৰ গোপনীয়তাও সুৰক্ষিত কৰিব। আপডেটটো সীমিত সংখ্যক বিটা ব্যৱহাৰকাৰীৰ বাবে এণ্ড-টু-এণ্ড এনক্ৰিপ্ট কৰি এই আপডেট পৰীক্ষা কৰা হৈছে। অৱশ্যে, এইটো খবৰ পোৱা গৈছে যে সকলো ব্যৱহাৰকাৰীয়ে এইবাৰ এই সুবিধাটো ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব।

হোৱাটছএপত এইবাৰ ফটো আৰু ভিডিঅ’ৰ বাবে ‘অদৃশ্য’ সুবিধাও আছে। সকলো ব্যৱহাৰকাৰীৰ বাবে এটা নতুন ‘View Once’ সুবিধা স্থাপন কৰা হৈছে।

ইয়াৰ সুবিধাটো হ’ল যে হোৱাটছএপ iOS(আইঅএছ )আৰু এণ্ড্ৰইডৰ ছবিৰ বাবে এটা ভিও ৱাঞ্চ মোড থাকিব। মঙলবাৰে এটা ব্লগ প’ষ্টত, ফেচবুকে নতুন সুবিধাটোৰ প্ৰতিবেদন দিছে। এই আপডেটটো হৈছে ফোন সংৰক্ষণৰ সমস্যা সমাধান কৰা আৰু কিছুমান তথ্য সুৰক্ষিত আৰু গোপনীয় ৰখা।

হোৱাটছএপলৈ অহা বহুতো ফটো আৰু ভিডিঅ’ৰ বাবে ফোনত ষ্টোৰেজ হ্ৰাস হ’বলৈ ধৰিলে। আপুনি এতিয়া ষ্টোৰেজ মেনেজমেণ্ট সমাধান কৰিবলৈ এপ্পটোত ‘অদৃশ্য হোৱা ছবি’ বিকল্পটো ৰাখিব পাৰে।

এই ক্ষেত্ৰত ‘View Once’কৰিলে আপুনি এবাৰ ফটোখন দেখাৰ পাছত সেইখন চাৰ্ভাৰৰ পৰা অদৃশ্য হৈ যাব। গুৰুত্বপূৰ্ণ অথচ গোপন ফটো বা ভিডি’অ পঠাবলৈ হ’লে হোৱাটছএপৰ কেমেৰাত ক্লিক কৰি ফটো বা ভিডি’অ তুলিব ।ইয়াৰ পাছত (1)আইকনত ক্লিক কৰক। এবাৰ পঠোৱাৰ পাছত আপুনি আৰু সেইখন চাব নোৱাৰে আৰু লগতে যাক পঠিয়াব তেওঁ এবাৰ ভিও কৰাৰ পাছত সেই মেছেজটো অদৃশ্য হৈ যাব।অতি শীঘ্ৰেই আহি আছে এই নতুন আপডেট ।

Exit mobile version