নামনি অসমৰ বিভিন্ন ঠাইত ক’লা মানুহৰ আতংক অৱ্যাহত থকাৰ সময়তে যোৱা নিশা কলগাছিয়াৰ বালাপাথাৰ আৰু মইনবড়ীৰ তাৰাকান্দিত একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে।
উল্লেখ্য যে, যোৱা কিছুদিন ধৰি কলগাছিয়া আৰক্ষী থানাৰ অন্তর্গত বিভিন্ন ঠাইত ক’লা মানুহ ওলোৱাৰ উৰা বাতৰিত জনসাধাৰণ আতংকিত হৈ পৰিছে। ক’লা মানুহৰ আতংকত হেজাৰ হেজাৰ মানুহ ৰাজপথত ওলাই আহিছে যদিও অধিকাংশ লোকে ক’লা মানুহৰ আতংকক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে।
এটা দুষ্টচক্ৰই এনে ধৰণৰ উৰা বাতৰি প্ৰচাৰ কৰি চুৰি কাৰ্য সংগঠিত কৰাৰ কৌশল ৰচনা কৰিছে বুলি আশংকা প্ৰকাশ কৰিছে ৰাইজে। এই ক্ষেত্ৰত ফেচবুক পেজৰ বিৰুদ্ধেও গাৱৰ মুখিয়াল ব্যক্তি সকলে ক্ষোভ প্ৰকাশ কৰি এনে ভূৱা বাতৰি পৰিবেশন কৰি ৰাইজৰ মাজত আতংকৰ সৃষ্টি নকৰিবলৈ সকিয়নী প্ৰদান কৰাৰ লগতে এনে দুষ্টচক্ৰৰ বিৰুদ্ধে জিলা প্ৰশাসনক কঠোৰ হ’বলৈ আহ্বান জনাইছে।





























