আধাৰৰ স’তে ভোটাৰ কাৰ্ড সংযুক্তকৰণ

নিৰ্বাচন কমিচনে ভুৱা ভোটাৰ ৰোধ কৰিবলৈ ভোটাৰ কাৰ্ডৰ স’তে আধাৰ কাৰ্ড সংযুক্তকৰণৰ বাবে দিয়া প্ৰস্তাৱ বিবেচনা কৰিছে কেন্দ্ৰই । তৃণমূল সাংসদ ছাজদা আহমেদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেন ৰিজিজুৱে আজি লোকসভাত এই কথা জনায় ।

কমিচনৰ মতে, দেশৰ এক বৃহৎ সংখ্যক লোকৰ হাতত এটাতকৈ অধিক ভোটাৰ কাৰ্ড আছে । দেখা গৈছে যে, মূলতঃ কামৰ সূত্ৰে যিসকলে ৰাজ্যৰ বাহিৰত যায়, তেওঁলোকেই কাম কৰা স্থানত আন এটা ভোটাৰ কাৰ্ড তৈয়াৰ কৰি লয় । নতুন কাৰ্ড তৈয়াৰ কৰাৰ আগতে পূৰ্বৰ কাৰ্ড কমিচনক জমা দিয়াৰ নিয়ম আছে যদিও, অধিকাংশই এই নিয়ম পালন নকৰে বুলি জনাইছে কমিচনে ।

এই জালিয়াতি ৰোধ কৰিবৰ বাবেই ভোটাৰ কাৰ্ডৰ স’তে আধাৰ সংযুক্তিৰ প্ৰস্তাৱ দিছে কমিচনে । তেওঁলোকৰ মতে, আধাৰৰ ভিত্তিত ভুৱা ভোটাৰ ৰসকলক চিহ্নিত কৰিব পৰা যাব । ২০১৯ত নতুন ভোটাৰসকলৰ নাম নথিভুক্ত কৰাৰ সময়ত আধাৰ বিচাৰিছিল কমিচনে । উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবে সম্প্ৰতি এই কাম স্থগিত হৈ আছে ।

চৰকাৰে আধাৰৰ স’তে ভোটাৰ কাৰ্ডৰ সংযুক্তিকৰণৰ কোনো পৰিকল্পনা কৰিছে নে নাই, সেই বিষয়ে কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ক লিখিত প্ৰশ্ন কৰি জানিব বিচাৰিছিল তৃণমূল সাংসদ ছাজদাই । প্ৰত্যুত্তৰত আইনমন্ত্ৰী ৰিজিজুৱে জনায়, কমিচনৰ প্ৰস্তাৱ পৰ্যালোচনা কৰিছে কেন্দ্ৰই ।

যোৱা মাৰ্চত লোকসভাত এই একেই প্ৰশ্নৰ উত্তৰত তৎকালীন কেন্দ্ৰীয় আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদে জনায়ছিল, এই সংযুক্তিকৰণত কোনো কাৰণতেই আধাৰৰ তথ্য ফাদিল হোৱাৰ সম্ভাৱনা নাই । কোনোৱে দুই স্থানত নাম নথিভুক্ত কৰিছে নেকি কেৱল সেয়াই নিৰীক্ষণ কৰা হ’ব ।

Exit mobile version