পত্নী শালিনীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ হানিৰ বিৰুদ্ধে

honey singh and wife shalini talwar main 0

পত্নী শালিনী তালৱালক পপ গায়ক ইয়ো ইয়ো হানি সিঙে ১৮ ঘণ্টাতকৈও অধিক সময় ঘৰত বন্দী কৰি ৰাখিছিল। ঘৰত বন্দী কৰি থোৱা অৱস্থাত খোৱা পৰ্যন্ত দিয়া নাছিল শালিনী । তাৰকা গায়িকাগৰাকীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে পত্নী শালিনীয়ে ।

শালিনীয়ে যোৱা মঙলবাৰে হানি সিঙৰ বিৰুদ্ধে ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আৰু সম্পত্তিৰ গ্ৰাসৰ গোচৰ ৰুজু কৰিছিল। ইয়াৰ পাছতে প্ৰকাশ পাইছে হানিৰ বিৰুদ্ধে কে’বাটাও অভিযোগ ।

শালিনীয়ে দাবী কৰে যে তেওঁ শহুৰেকৰ হেঁচাত চাকৰিও এৰিব লগা হৈছিল। শালিনীয়ে কয় যে দীঘলীয়া অত্যাচাৰৰ পাছত তেওঁ মানসিক আৰু শাৰীৰিক ভাৱে ভাঙি পৰিছিল ।

শালিনীয়ে কয় যে তেওঁ ক’ভিডত আক্রান্ত হৈছিল কিন্তু হানিৰ পৰা কোনো সহায় পোৱা নাছিল। গায়িকাগৰাকীয়ে তেওঁৰ স্বামীৰ স’তে যোগাযোগ কৰিছিল কিন্তু কোনো সঁহাৰি দিয়া নাছিল স্বামী হানিয়ে। কিন্তু নিজৰ সামাজিক মাধ্যমত ক’ভিডত আক্ৰান্তহোৱা লোকসকলক সাহাৰ্য কৰা কথা কৈছিল হানিয়ে।

শালিনীয়ে দাবী কৰে যে কেৱল এইয়াই নহয়, তেওঁৰ মাক, দেউতাক আৰু ভনীয়েকেও তেওঁক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছিল। তেওঁ কয় যে এবাৰ তেওঁৰ শহুৰেক সুৰাপান কৰি তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল । সেই সময়ত শালিনীয়ে কাপোৰ সলাই আছিল আৰু তেতিয়াই হানিৰ পিতৃয়ে তেওঁক যৌন নিৰ্যাতন কৰিছিল বুলিও অভিযোগ শালিনীৰ।

Exit mobile version