প্ৰশান্ত কিশোৰৰ পদত্যাগ, পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰধান উপদেষ্টাৰ পদ প্ৰত্যাহাৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙৰ প্ৰধান উপদেষ্টাৰ পদৰ পৰা পদত্যাগ দিলে ভোটকৌশলী প্ৰশান্ত কিশোৰে । মুখ্যমন্ত্ৰী অমৰেন্দ্ৰক পত্ৰ প্ৰেৰণ কৰি এই কথা জনায় কিশোৰে ।

তেওঁ জনায় যে, সম্প্ৰতি তেওঁ এই পদ ত্যাগ কৰিছে । পৰৱৰ্তী পদক্ষেপ কি হ’ব, সেই বিষয়ে এই পৰ্যন্ত সিদ্ধান্ত লোৱা নাই ।

পঞ্জাৱৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত কিশোৰে লিখে, ‘সম্প্ৰতি সাময়িক বিৰতি লৈছো । বিষয়টো আপুনি জানে । সেয়ে আপোনাৰ প্ৰধান উপদেষ্টাৰ পদৰ পৰা পদত্যাগ দিলো । আপোনাৰ পৰা অব্যাহতি বিচাৰিছো । এই সুযোগ দিয়াৰ বাবে আপোনাক ধন্যবাদ ।’

যোৱা মাৰ্চত মুখ্যমন্ত্ৰী অমৰিন্দৰে টুইট কৰি জনাইছিল যে, প্ৰশান্ত কিশোৰে তেওঁৰ প্ৰধান উপদেষ্টা হিচাপে যোগ দিছে । তেওঁ লগতে কয়, ‘পঞ্জাৱৰ মানুহৰ উন্নতিৰ বাবে আমি একেলগে কাম কৰিম ।’ প্ৰধান উপদেষ্টাৰ পদ গ্ৰহণ কৰাৰ পাঁচ মাহৰ পাছতেই পদত্যাগ কৰিলে কিশোৰে । ইয়াকে লৈ সম্প্ৰতি ৰাজনৈতিক মহলত চৰ্চা সৃষ্টি হৈছে ।

যোৱা মাহত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ স’তে বৈঠকত মিলিত হৈছিল কিশোৰ । তাৰ পাছতেই এই পদক্ষেপ, তেন্তে এইবাৰ কংগ্ৰেছত যোগ দিব নেকি তেওঁ ? অৱশ্যে এই বিষয়ে কোনো স্পষ্ট ইংগিত দিয়া নাই কিশোৰে । কংগ্ৰেছৰ তৰফৰ পৰাও একো মন্তব্য কৰা নাই । কিশোৰৰ পদত্যাগে এই সন্দেহক উচতনি দিলে বুলি মত প্ৰকাশ কৰিছে ৰাজনৈতিক বিশেষজ্ঞসকলে ।

Exit mobile version