বাগসাৰ শালবাৰী আৰক্ষীৰ অভিযানত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুই ডকাইত, বুধবাৰে ষ্টেট বেংকৰ চিএছপিৰ ধন লুটৰ ঘটনাত জড়িত আছিল দুই ডকাইত

শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত তথা শিমলা, গোৱৰ্দ্ধনা, বাঁহবাৰীৰ আৰক্ষী বিষয়াৰ সহযোগত চলোৱা অভিযানত অস্ত্ৰসহ গ্ৰেপ্তাৰ হৈছে দুজন ডকাইত৷

ধৃত ডকাইত দুজন বিজিত বড়ো আৰু সমৰ সিং নাৰ্জাৰী ৷ ডকাইত দুজনৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল, ছয়টা সজীৱ গুলী, এখন ডেগাৰ আৰু লগতে নগদ ৪১হেজাৰ টকা জব্দ কৰা হৈছে৷

উল্লেখযোগ্য যে কালি বাঁহবাৰীৰ সমীপৱৰ্তী কুঠৰীঝাৰত ষ্টেট বেংকৰ এজন গ্ৰাহকক সুৰক্ষা কেন্দ্ৰত দিন দুপৰতে পিষ্টল দেখুৱাই ডকাইতে লুটি নিছিল চাৰি লাখকৈ টকা ৷

ইয়াৰ পাছতে আৰক্ষীয়ে কৰায়ত্ত কৰিছিল বিজিত বড়ো নামৰ ডকাইতজনক ৷ পৰৱৰ্তী সময়ত উক্ত ডকাইতজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মানাহৰ জংঘলৰ সমীপৰ পৰা সমৰ সিং নাৰ্জাৰী নামৰ আনজন ডকাইতক গ্ৰেপ্তাৰ কৰে ৷

আনহাতে আন এজন পলাতক ডকাইতৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ উল্লেখযোগ্য যে আজি বাঁহবাৰীত আয়োজিত এখন সংবাদমেলৰ জৰিয়তে এই সকলো কথা সদৰি কৰে শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই৷

Exit mobile version