ভাৰতত পলম হ’ব স্পুটনিক-ভি ৰ যোগান ! সমস্যাৰ সমাধান হব আগষ্টৰ ভিতৰত, জনালে সংস্থাই

img

ভাৰতত ৰাছিয়াৰ কৰ’না টিকা স্পুটনিক-ভি ৰ যোগান অস্থায়ীভাৱে পলম হ’লেও আগষ্টৰ ভিতৰত সেই সমস্যাটো সমাধান হ’ব বুলি জনালে সংস্থাই ।

বুধবাৰে কোম্পানীটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, ‘উৎপাদনত পলম হোৱাৰ বাবে টিকা যোগান ধৰাত সমস্যা হৈছিল। আমি আশাবাদী যে সমস্যাটো আগষ্টৰ ভিতৰত সমাধান হ’ব। ফলত টিকা প্ৰদান কৰাত আৰু কোনো সমস্যা নহ’ব ।’

বিবৃতিত কোৱা হৈছে যে, ‘স্পুটনিক ভি-য়ে ইতিমধ্যে ১৪ খন দেশৰ স’তে উৎপাদন চুক্তি স্বাক্ষৰ কৰিছে । ভাৰতেও ছেৰাম ইনষ্টিটিউটৰ দৰে কোম্পানীৰ স’তেও চুক্তি স্বাক্ষৰ কৰিছে। ফলস্বৰূপে, অনাগত দিনবোৰত টিকাৰ উৎপাদন যথেষ্ট বৃদ্ধি পাব। ‘

ভাৰতত ক’ভিশ্বিল্ড আৰু ক’ভেক্সিনৰ পাছত টিকাকৰণৰ অনুমতি পাইছে স্পুটনিক ভি-য়ে। যদিও তেওঁলোকৰ আন এটা ভেকছিন স্পুটনিক লাইটক এতিয়ালৈকে অনুমতি দিয়া নাই ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়াই ।

যদিও ভাৰতত টিকাকৰণৰ অনুমতি আছে, তথাপিও বহুতো ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ স্পুটনিক ভেকছিন উপলব্ধ নাই। ব্যক্তিগত চিকিৎসালয়ত পোৱা গ’লেও চৰকাৰী খণ্ডত টিকাৰ যোগান এতিয়াও কম।

চলিত বৰ্ষতে মাজ ভাগত দেশৰ ১০০ শতাংশ প্রাপ্তবয়ষ্ক জনসংখ্যাক ক’ভিড টিকা দিলে টিকাৰ যোগাণ আৰু বৃদ্ধি কৰিব লাগিব বুলি পৰামৰ্শ দিছে বিশেষজ্ঞই।

Exit mobile version