২৩ আগষ্টত খুলিব পুৰীৰ জগন্নাথ মন্দিৰ ,চৰ্তসাপেক্ষে প্ৰৱেশৰ অনুমতি পাব ভক্তসকলে

purijagannath pti 1628089644

PTI07_12_2021_000205B

অৱশেষত মুকলি হ’ব পুৰীৰ জগন্নাথ মন্দিৰ । কৰ’না সংক্ৰমণৰ বাবে দীঘলীয়া বন্ধৰ পাছত, ভক্তসকলে পুনৰ জগন্নাথ মন্দিৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব। কিন্তু ইয়াৰ বাবে দৰ্শনাৰ্থীসকলে গ্ৰহণ কৰিব লাগিব কিছুমান চৰ্ত ।

কৰ’না সংক্ৰমণ নিয়ন্ত্ৰণলৈ অনাৰ লগে লগে, উৰিষ্যা চৰকাৰে ভক্তসকলৰ বাবে পুৰীত জগন্নাথ মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লয়। মন্দিৰ সমিতিৰ মুখ্য প্ৰশাসক কিষাণ কুমাৰে বুধবাৰে কয় যে পুৰীৰ স্থানীয় বাসিন্দাসকলে ১৬ আগষ্টৰ পৰা মন্দিৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব।

মন্দিৰত প্ৰৱেশ কৰিবলৈ ভক্তসকলে তেওঁলোকৰ আধাৰ বা ভোটাৰ কাৰ্ডৰ উপৰিও টিকাৰ দুটা পালি গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব । অৱশ্যে, পুৰীৰ বাহিৰৰ পৰা অহা লোকসকলৰ বাবে, বিশেষকৈ পশ্চিম বংগৰ পৰা, তেওঁলোকৰ বাবে জগন্নাথ দৰ্শন হ’ব ২৩ আগষ্টৰ পৰা ।

মন্দিৰত প্ৰৱেশ কৰিবলৈ টিকাৰ দুটা পালিৰ প্ৰমাণপত্ৰ বাধ্যতামূলক। যদি কোনো লোকে এটা টিকাৰ এটা পালি গ্ৰহণ কৰিছে, তেন্তে তেওঁ আৰটিপিচিআৰ পৰীক্ষাৰ নেতিবাচক প্ৰতিবেদন দিলেহে তেওঁক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ’ব।

যিসকলক এতিয়ালৈকে টিকাকৰণ কৰা হোৱা নাই, তেওঁলোকৰ বাবে আৰ.টি.পি.চি.আৰ. পৰীক্ষা প্ৰতিবেদন নিগেটিভ থকাটো বাধ্যতামূলক।

পুৰীৰ স্থানীয় বাসিন্দাসকলে ১৬ ৰ পৰা ২০ আগষ্টলৈ মন্দিৰত প্ৰৱেশ কৰিব পাৰিব। ইয়াৰ পাছত ২১ আৰু ২২ আগষ্টত উৰিষ্যা চৰকাৰৰ সিদ্ধান্তৰ ওপৰত শনিবাৰে আৰু দেওবাৰে তলাবন্ধ কৰা হ’ব। ২৩ আগষ্ট সোমবাৰৰ পৰা সাধাৰণ ভক্তসকলে পুনৰ মন্দিৰত প্ৰৱেশ কৰি পূজা দিব পাৰিব।

Exit mobile version