সংশোধিত নাগৰিকত্ব আইনৰ নীতি-নিয়ম পৰিৱৰ্তনৰ কোনো পৰিকল্পনা নাই চৰকাৰৰ । কালি সংসদৰ বৰ্ষাকালীন অধিবেশনত ৰাজ্যসভাত কেন্দ্ৰীয় চৰকাৰে এই তথ্য সদৰী কৰিছে । কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এই কথা সদৰী কৰি ‘কা’ সংক্ৰান্তীয় নীতি-নিয়ম নিৰ্ধাৰণ আৰু বাস্তৱায়নৰ বাবে ২০২০ৰ ন জানুৱাৰী পৰ্যন্ত সময় বিচাৰিছে ।
মঙলবাৰে ‘কা’ৰ নিয়ম-নীতি নিৰ্ধাৰণ আৰু বাস্তৱায়নৰ বাবে সময়সীমা বৃদ্ধিৰ বাবে কেন্দ্ৰই আবেদন জনায় । যোৱা ফেব্ৰুৱাৰীত বাজেট অধিবেশনকালীন ৰাজ্যসভাৰ তৰফৰ পৰা এই বিষয়ে ন জুলাই পৰ্যন্ত কেন্দ্ৰক সময়সীমা দিয়া হৈছিল । এই সময়সীমাৰ অন্ত পৰিছে ।
২০১৯ৰ ১২ ডিচেম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দই ‘কা’ আইনত স্বাক্ষৰ কৰিছিল । ২০২০ৰ ১০ জানুৱাৰীত কাৰ্যকৰী কৰাৰ জাননী জাৰি কৰা হৈছিল । দেশজুৰি হোৱা ইয়াৰ বিৰোধিতা-প্ৰবল প্ৰতিবাদৰ বাবে এই আইনৰ নীতি-নিয়ম নিৰ্ধাৰণৰ প্ৰক্ৰিয়া তথা ইয়াক বাস্তৱায়ীত কৰাৰ পৰা কাৰ্যত পিছুৱাই যাবলৈ বাধ্য হৈছিল মোদী চৰকাৰ ।
সমান্তৰালভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নীতি-নিয়ম পৰিৱৰ্তনৰ বাৰ্তা দিছিল । ‘কা’ অনুযায়ী, ২০১৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত চুবুৰীয়া পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত ধৰ্মীয় নিপীড়নৰ বলি হৈ ভাৰতলৈ অহা সেই দেশসমূহৰ সংখ্যালঘু শৰণাৰ্থীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কথা কোৱা হৈছে । সেই দেশসমূহৰ পৰা ভাৰতলৈ অহা হিন্দু, শিখ, জৈন, পাৰ্ছী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ শৰণাৰ্থীসকলৰ নাগৰিকত্ব প্ৰদানৰ বিষয়টো ‘কা’ত উল্লেখ কৰা হৈছে ।