ক’ভিড পৰিস্থিতিত কেনেদৰে বিদ্যালয় খুলিব ! কেন্দ্ৰ-ৰাজ্যসমূহক পত্ৰ দিলে মনোচিকিৎসকৰ সংগঠনে

to reduce risk experts say schools should make adjustments when resuming in person classes

দেশজুৰি বিদ্যালয়, মহাবিদ্যালয় খোলাৰ আবেদন জনাই এইবাৰ কেন্দ্ৰ আৰু ৰাজ্যক পত্ৰ দিলে মনোচিকিৎসকৰ সংগঠন ‘ইণ্ডিয়ান ছাইকিয়াট্ৰিক ছোচাইটী’য়ে । অতিমাৰী পৰিস্থিতিত সুদীৰ্ঘ এবছৰৰো বেছি সময় ধৰি বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠদান বন্ধ হৈ থকাৰ বাবে মানসিকভাৱে অবসাদগ্ৰস্ত হৈ পৰিছে শিক্ষাৰ্থীসকল, মূলতঃ বিদ্যালয়ৰ কমবয়সীয়া ছাত্ৰ-ছাত্ৰীসকল ।

প্ৰি প্ৰাইমাৰীৰ শিশুসকলৰ বাবে সপ্তাহত দুদিন, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী শিক্ষাৰ্থীসকলৰ বাবে তিনি দিন আৰু নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সপ্তাহত পাঁচ দিন (সোমবাৰৰ পৰা শুকুৰবাৰ) খুলিব পাৰে । কেন্দ্ৰীয় মহিলা আৰু শিশুকল্যাণ মন্ত্ৰী স্মৃতি ইৰাণী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰক মনসুখ মাণ্ডব্যক পত্ৰ দি এই পৰামৰ্শ দিয়ে বিশেষজ্ঞসকলৰ সংগঠনে ।

ক’ভিডৰ দ্বিতীয় ঢৌ স্তিমিত হ’লেও সমগ্ৰ দেশতে তৃতীয় ঢৌৰ শংকা বৃদ্ধি পাইছে । এনে পৰিস্থিতিত ক’ভিড বিধি মানি, সকলো সতৰ্কতা অৱলম্বন কৰি কেনেদৰে বিদ্যালয়, মহাবিদ্যালয়, খুলিব পাৰি সেই বিষয়ে কিছু পৰামৰ্শ দিয়া হয় পত্ৰখনত ।

বিশেষজ্ঞ মহলৰ পৰামৰ্শ, ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰে পাঠদান কৰিব পাৰি । যিসকলৰ ৰোল নম্বৰ জোৰ সংখ্যা তেওঁলোক এদিন বিদ্যালয়লৈ আহিব । বাকী থকা সকলে অনলাইনত ক্লাছ কৰিব । বিজোৰ সংখ্যাৰ ৰোল নম্বৰৰ শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ আহি ক্লাছ কৰিব । যিসকলে বিদ্যালয়লৈ আহিব নোৱাৰিব তেওঁলোকৰ বাবে অনলাইন ক্লাছৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিছে বিশেষজ্ঞসকলে ।

বিদ্যালয়, মহাবিদ্যালয় খুলিলে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ নিয়মীয়াকৈ শৰীৰৰ তাপমাত্ৰা জোখা প্ৰয়োজন । কোনো শিক্ষাৰ্থী বা কৰ্মচাৰীৰ শৰীৰত উপসৰ্গ দেখা গ’লে ক’ভিড পৰীক্ষণৰ বাবে ৰেপিড এণ্টিজেন টেষ্ট কিট ৰাখিব লাগিব । ক’ভিড উপসৰ্গ চিহ্নিতকৰণৰ বাবেও কৰ্মীসকলক প্ৰশিক্ষণ দিয়া প্ৰয়োজনীয় । শ্ৰেণী কোঠাৰ দুৱাৰ, খিৰিকী খোলা ৰখাৰ লগতে চেয়াৰ, টেবল ডেস্ক-বেঞ্চসহ অন্যান্য সামগ্ৰীসমূহ সঘনাই ছেনিটাইজ কৰাৰ পৰামৰ্শ দিয়া হৈছে পত্ৰখনত ।

পত্ৰত বিশেষজ্ঞসকলে জনাইছে, অতিমাৰী পৰিস্থিতিত অনলাইনত পঢ়া-শুনা, খেলা-ধোলাৰ বাবে শিশুসকলৰ শৰীৰ আৰু মনত প্ৰভাৱ পৰিছে । একেৰাহে ম’বাইল বা কম্পিউটাৰ ক্ৰীনত চাই থকাৰ বাবে বহুতৰে চকুৰ সমস্যাও দেখা গৈছে । বহুতৰে মূৰৰ বিষো হোৱা দেখা গৈছে ।

বাহিৰত নোলোৱাৰ বাবে বহু শিশুৰ শৰীৰত ভিটামিন ডি-ৰ অভাৱ লক্ষণীয় । ম’বাইলত গেম খেলা বা পৰ্ন ছবিত আসক্ত হোৱাৰ প্ৰবণতা বৃদ্ধি পাইছে শিশুসকলৰ মাজত । এই বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় পাঠদানৰ উপৰিও পাঠ্যক্ৰম বহিৰ্ভুত কাৰ্যক্ৰমৰ আয়োজন কৰাৰ কথা কোৱা হৈছে পত্ৰত । লগতে শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্যৰ বাবে মাজে মাজে যাতে কাউন্সিলিং কৰা হয়, তাৰো পৰামৰ্শ দিয়া হৈছে ।

Exit mobile version