কলগাছিয়াৰ মইনবৰী-পাহাৰতলিত বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াত জাহ গ’ল প্ৰাথমিক বিদ্যালয়

প্ৰতিৰোধ আৰু পুনৰ সংস্থাপনৰ দাবী খহনীয়াগ্ৰস্ত ৰাইজৰ, খাদ্যৰ অভাৱত ৰাইজৰ মাজত হাঁহাকাৰ

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰীৰ পাহাৰতলি গাঁৱত বেঁকী নদীৰ বিধ্বংসী খহনীয়াই ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে । খহনীয়াত শতাধিক পৰিয়ালৰ ঘৰ, মাটি-ভেটি, শস্য শ্যামলা বেঁকী নদীৰ বুকুত জাহ যোৱাৰ লগতে জাহ গৈছে গোবিন্দপুৰ পাহাৰ তলীৰ প্ৰাথমিক বিদ্যালয়।

বেঁকী নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰি খহনীয়াগ্ৰস্ত লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে ৰাইজে দাবী জনাইছে। গৰাখহনীয়াত সৰ্বস্বান্ত লোকক প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈও চৰকাৰক অনুৰোধ জনাইছে । বিগত দুটা মাহত গৰাখহনীয়াত ৫০ টাকৈ পৰিয়ালৰ ঘৰ, মাটি-ভেটি, খেতি পথাৰ নদীৰ বুকুত জাহ গৈছে ।

সম্প্ৰতি কালৰূপ ধাৰণ কৰা গৰাখহনীয়াই শতাধিক পৰিয়াল, ৰাস্তা-ঘাট, শিক্ষা প্ৰতিষ্ঠানলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। বৰপেটা জিলা প্ৰশাসনে যদি পাহাৰতলিৰ গৰাখহনীয়াগ্ৰস্তৰ বাবে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে খহনীয়াগ্ৰস্তই সমূহীয়া আত্ম জাহ দিয়াৰ বাদে কোনো বিকল্প নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে এক ইতিবাচক সঁহাৰি দিব বুলি বিভিন্ন মহলে আশা প্ৰকাশ কৰিছে।

Exit mobile version