খেলৰত্ন সন্মানৰ আগত নাথাকিব ৰাজীৱ গান্ধীৰ নাম, হকীৰ কিংবদন্তি মেজৰ ধ্যানচন্দৰ নামেৰে নামাংকিত এই সন্মান

WhatsApp Image 2021 08 06 at 12.56.28 PM

‘ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰ’ৰ নাম সলনি কৰিলে কেন্দ্ৰীয় চৰকাৰে । নতুন নাম দিয়া হৈছে ‘মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ’ । শুকুৰবাৰে এই কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

ধ্যানচন্দক ‘হকীৰ যাদুকৰ’ বুলি কোৱা হয় । টকিঅ’ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জ জয় কৰাৰ পাছৰ দিনাই খেলৰত্ন পুৰস্কাৰৰ নাম ধ্যানচন্দৰ নামত কৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট কৰে, ‘খেলৰত্ন পুৰস্কাৰৰ নাম মেজৰ ধ্যানচন্দৰ নামত কৰিবৰ বাবে দেশৰ প্ৰচুৰ নাগৰিকৰ পৰা অনুৰোধ পাইছিলো । মতামত জনোৱাৰ বাবে তেওঁলোকক ধন্যবাদ জনাও । তেওঁলোকৰ ভাবধাৰাক সন্মান জনাই, খেলৰত্ন পুৰস্কাৰক মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ বুলি কোৱা হ’ব ।’

ক্ৰীড়া ক্ষেত্ৰত সাফল্যৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ পুৰস্কাৰ হৈছে খেলৰত্ন । ১৯৯১-৯২ত প্ৰথমবাৰ এই পুৰস্কাৰ প্ৰদান কৰা হৈছিল । প্ৰথম পুৰস্কাৰটো পাইছিল দবা খেলুৱৈ বিশ্বনাথন আনন্দে । ক্ৰিকেটাৰ হিচাপে প্ৰথমবাৰ এই পুৰস্কাৰ লাভ কৰিছিল শচীন তেণ্ডুলকাৰে । ২০২০ত শেষবাৰ এই পুৰস্কাৰ দিয়া হৈছিল । আৰম্ভণিৰ পৰাই এই পুৰস্কাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত দিয়া হৈছিল । প্ৰায় ৩০ বছৰৰ পাছত এই নাম পৰিৱৰ্তন কৰা হয় ।

Exit mobile version