নিযুক্তি নাপায় মাদ্ৰাছা টে’ট উত্তীৰ্ণ‌ই, নতুনকৈ নহয় প্ৰাদেশিকীকৰণো 

image 1

নিযুক্তিৰ আশাত ৰৈ থকা মাদ্ৰাছা টে’ট উত্তীৰ্ণ‌সকলৰ আশাত আজি চেঁচা পানী ঢালিলে অসম চৰকাৰৰ শিক্ষা বিভাগে । বিগত কমেও সাত বছৰ ধৰি নিযুক্তিৰ দাবীত সৰৱ হৈ অহা মাদ্ৰাছা টে’ট উত্তীৰ্ণ‌সকলে এই যোগ্যতাৰ আধাৰত ক’তো নিযুক্তি লাভ নকৰে বুলি অসম বিধানসভাত ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

শিক্ষামন্ত্ৰীজনে কয়, ‘যিহেতু মাদ্ৰাছাসমূহ ইতিমধ্যে সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে, সেয়েহে পূৰ্বৰ মাদ্ৰাছা টে’ট উত্তীৰ্ণ প্ৰাৰ্থীসকল এই বিদ্যালয়ৰ শিক্ষক পদৰ বাবে যোগ্য নহ’ব । মাদ্ৰাছা টে’টৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপনত উল্লেখ আছিল যে সেই বাছনি পৰীক্ষাত উত্তীৰ্ণসকল কেৱল মাদ্ৰাছা শিক্ষানুষ্ঠানত নিযুক্তিৰ বাবেহে বিবেচিত হ’ব । এতিয়া যিহেতু মাদ্ৰাছাই নাই, তেওঁলোকক আৰু নিযুক্তি দিব পৰা অৱস্থাত নাই । আনকি তেওঁলোকৰ যোগ্যতাক সাধাৰণ টে’টলৈও পৰিৱৰ্তন কৰিব পৰা নাযায় । কাৰণ সাধাৰণ টে’ট আৰু মাদ্ৰাছা টে’টৰ বিষয়বোৰো বেলেগ বেলেগ । ধৰ্মীয়ৰ বাদেও আন কে’বাটাও বিষয়ত সাধাৰণ টে’টৰ লগত মাদ্ৰাছাৰ প্ৰভেদ আছে । তেনে ক্ষেত্ৰত মাদ্ৰাছা টে’ট উত্তীৰ্ণ‌সকলক সাধাৰণ টে’ট উত্তীৰ্ণ বুলি বিবেচনা কৰাৰ অৱকাশ নাই ।’

উল্লেখ্য যে মাদ্ৰাছা টে’টত কে’বা হেজাৰ চাকৰি প্ৰত্যাশী উত্তীৰ্ণ হৈছিল । কেৱল মাদ্ৰাছাত নিযুক্তি দিয়াৰ বাবেই শিক্ষাৰ অধিকাৰ আইন অনুসৰি সেই টে’ট অনুষ্ঠিত হৈছিল । প্ৰসংগক্ৰমে মন্ত্ৰীজনে এই কথাও উল্লেখ কৰে যে মাদ্ৰাছা প্ৰাদেশিকীকৰণ আইনৰ অধীনত এতিয়ালৈকে প্ৰাদেশিকীকৰণ কৰিবলৈ বাকী থকা মাদ্ৰাছাসমূহক প্ৰাদেশিকীকৰণৰ প্ৰশ্ন‌ও এতিয়া নাহে ।

উল্লেখ্য যে আজি অসম বিধানসভাত মাদ্ৰাছা টে’ট উত্তীৰ্ণ‌সকলৰ নিযুক্তিক লৈ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে শিক্ষা বিভাগক কৰা এক প্ৰশ্নৰ উত্তৰত ডাঃ পেগুৱে চৰকাৰৰ এই স্থিতি সদৰী কৰে ।

Exit mobile version