বিশ্বৰ সবাতোকৈ ধনাঢ্য মহিলা সংগীত শিল্পীৰ স্বীকৃতি ৰিহানালৈ

image 2

মহাতাৰকা পপ শিল্পী ৰিহানা বিশ্বৰ সবাতোকৈ ধনী মহিলা সংগীত শিল্পী হিচাপে স্বীকৃত হ’ল ।

‘ফ’ৰ্বছ’ আলোচনীৰ তালিকাত বিশ্বৰ সবাতোকৈ ধনী মহিলা সংগীত শিল্পী হিচাপে শীৰ্ষ স্থানত আছে ৰিহানা । ৰিহানাৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১.৭ বিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ১,২৬,২৭,৬১,৭০,০০০ টকা । মাত্ৰ ৩৩ বছৰ বয়সীয়া ৰিহানাই সংগীত শিল্পী হিচাপে জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে এটা কছমেটিক কোম্পানীৰো ৫০ শতাংশ মালিকানাৰ অধিকাৰী ।

২০১৭ত তেওঁ নিজৰ কেমেটিক কোম্পানী প্ৰতিষ্ঠা কৰিছিল । সামাজিক মাধ্যমত ৰিহানা যথেষ্ট জনপ্ৰিয় । ইনষ্টাগ্ৰামত তেওঁৰ ১০১ নিযুত অনুগামী আছে আৰু টুইটাৰত তেওঁৰ ফলোৱাৰৰ সংখ্যা ১০২.৫ নিযুত ।

অপ্ৰা উইনফ্ৰেৰ পাছত ৰিহানা হ’ল বিশ্বৰ দ্বিতীয়গৰাকী সবাতোকৈ ধনী মহিলা বিনোদনকাৰী । অপ্ৰাৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২.৭ বিলিয়ন ডলাৰ ।

Exit mobile version