অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ

শালবাৰীত গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

WhatsApp Image 2021 08 07 at 5.25.18 PM

পেট্ৰল, ডিজেলকে ধৰি ইন্ধনজাত আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা আৰু মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত আজি বাগসাৰ শালবাৰীৰ চমুৱাগাতিত গাতি আঞ্চলিক ছাত্র সন্থাই এক গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে হাতে হাতে বেনাৰ, প্লেকার্ড, চাউল,দাইল,মিঠাতেল লৈ মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্রী ৰঞ্জিত কুমাৰ দাস হায় হায়, ড° হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগান দি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি পৰিবেশ উত্তাল কৰি তোলে ৷

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি বাগসা জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তথা গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া জুবিন দাসে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্রী ৰঞ্জিত কুমাৰ দাসক শীঘ্রেই মূল্য বৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিবলৈ দাবী জনোৱাৰ লগতে অতি কম সময়ৰ ভিতৰত যদি বৰ্তমানৰ চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেতিয়াহ’লে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সঁকিয়াই দিয়ে ৷

Exit mobile version