এপালি প্রতিষেধকে পর্যাপ্ত : জনছনে ভাৰতত টিকাকৰণৰ বাবে বিচাৰিলে অনুমতি

Screenshot 82

কৰ’না বিৰােধী যুঁজত অচিৰে ভাৰতে আৰু এটি প্রতিষেধক লাভ কৰাৰ সম্ভাৱনা আছে। আমেৰিকাৰ ফার্মা প্রতিষ্ঠান জনছন এণ্ড জনছনে নিজৰ তৈয়াৰী প্রতিষেধক ভাৰতলৈ ৰপ্তানিৰ বাবে কেন্দ্রীয় চৰকাৰৰ পৰা অনুমতি বিচাৰিলে।

ADVERTISEMENT

উল্লেখ্য যে জনছনে তৈয়াৰ কৰা প্রতিষেধকৰ অন্যতম বিশেষত্ব হৈছে এই প্রতিষেধকৰ মাত্র এপালি গ্ৰহণ কৰিলেই ক’ভিডৰ সংক্রমণৰ পৰা সুৰক্ষা লাভ কৰিব পাৰি। ভাৰতত বর্তমানে টিকাকৰণত যিসমূহ প্রতিষেধক ব্যৱহাৰ কৰা হৈছে, এই সকলাে প্রতিষেধক দুপালি গ্ৰহণ কৰাটো বাধ্যতামূলক।

বর্তমানলৈকে ভাৰতত টিকাকৰণত ক’ভাক্সিন, ক’ভিশ্বিল্ড আৰু স্পুটনিক ভি প্রতিষেধক ব্যৱহাৰ কৰা হৈছে। ভাৰত চৰকাৰে জনছন এণ্ড জনছনক অনুমতি প্রদান কৰিলে জনছনৰ এই প্রতিষেধক দেশত চতুর্থটো ক’ভিড টিকা হিচাপে পৰিচিত হ’ব।

যিহেতু জনছনৰ তৈয়াৰী প্রতিষেধক মাত্র এপালি গ্রহণ কৰিলে কৰ’না প্ৰতিৰােধ কৰিব পাৰি, সেয়েহে এই মার্কিন প্রতিষেধক ভাৰতত ব্যৱহাৰৰ অনুমতি দিলে টিকাকৰণ অভিযান অধিক দ্রুত হােৱাৰ সম্ভাৱনা আছে। বর্তমানলৈকে ভাৰতত প্রায় ৫০ কোটি নাগৰিকে ক’ভিডৰ প্রতিষেধক লাভ কৰিলে।

Exit mobile version