কুম্ভ মেলাত কৰা হৈছিল ভুৱা ক’ভিড পৰীক্ষণ

Kumbh Mela 1200

পোহৰলৈ আহিছে হৰিদ্বাৰৰ কুম্ভ মেলাত ভুৱা ক’ভিড পৰীক্ষাৰ নামত কোটি কোটি টকাৰ জালিয়াতিৰ অভিযোগ । প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) শনিবাৰে উত্তৰাখণ্ডৰ পাঁচটা ডায়গনষ্টিক কেন্দ্ৰৰ কাৰ্যালয় আৰু ভুৱা ক’ভিড পৰীক্ষা আৰু ধন ৰপ্তানিৰ বাবে কোম্পানীসমূহৰ বিষয়াসকলৰ ঘৰত তালাচী চলাইছিল।

ADVERTISEMENT

ইডিৰ সূত্ৰই কয় যে উত্তৰাখণ্ড আৰক্ষীয়ে দাখিল কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ লোৱা হৈছে। ইডিয়ে কয় যে অনুসন্ধান অভিযানত ভুৱা পৰীক্ষাৰ ৰচিদ, কম্পিউটাৰ, ভুৱা বিল, মোবাইল ফোন আৰু অবৈধ ধন লেনদেনৰ নথি পত্ৰ উদ্ধাৰ কৰা হৈছিল।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছিল যে সংশ্লিষ্ট পাঁচটা কোম্পানীয়ে ভুৱা ক’ভিড-১৯ পৰীক্ষাৰ জৰিয়তে কমেও তিনি কোটি ৪০লাখ টকাৰ আত্মসাৎ কৰিছিল।

উত্তৰাখণ্ড চৰকাৰে কুম্ভ মেলালৈ অহা তীৰ্থযাত্ৰী আৰু সাধুসকলৰ বাবে দ্ৰুত এণ্টিজেন পৰীক্ষা আৰু আৰটিপিচিআৰ পৰীক্ষাৰ বাবে সংশ্লিষ্ট পাঁচটা ৰোগ নিৰ্ণয় কেন্দ্ৰ প্ৰদান কৰিছিল।

পাঁচটা কোম্পানীয়ে পৰীক্ষা নকৰাকৈ ভুৱা কৰ’না পৰীক্ষাৰ প্ৰমাণপত্ৰ বিতৰণ কৰিছিল। ভুৱা প্ৰমাণপত্ৰৰ বাবে সেই সময়ত খতিয়ানত হৰিদ্বাৰৰ ‘পজিটিভৰ হাৰ’ ০.১৮ শতাংশ ত দেখুওৱা হৈছিল।

Exit mobile version