ডিব্ৰুগড়ত টকাৰ উজান ! বনকৰা মহিলাৰ ঘৰত উদ্ধাৰ ১৬,৩৩০০০ টকা

WhatsApp Image 2021 08 07 at 6.12.11 PM

ডিব্ৰুগড়ত টকাৰ উজান উঠিছে । এগৰাকী বনকৰা মহিলাৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১৬ লাখ ৩৩ হেজাৰ টকা । ৰুমেনা বেগম নামৰ বনকৰা মহিলাগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ডিব্ৰুগড়ৰ অস্থিৰোগ বিভাগৰ চিকিৎসক প্ৰেমানন্দ দাসে আৰক্ষীক গোচৰ দিয়াৰ পাছতেই আৰক্ষীৰ এই বৃহৎ সাফল্য ।

সূত্ৰ অনুসৰি, দীৰ্ঘদিন ধৰি বনকৰা মহিলা হিচাপে নিয়োজিত থকা চিকিৎসক প্ৰেমানন্দ দাসৰ জালান নগৰস্থিত বাসগৃহৰ পৰা বৃহস্পতি বাৰে ছহেজাৰ টকা লুট কৰা অৱস্থাত হাতে-লুটে ধৰা পৰে । চিকিৎসক দাসে নিজৰ ড্ৰয়াৰৰ পৰা ধন হৰলুকি হোৱাৰ সন্দেহত আৰক্ষীত গোচৰ দিয়ে । আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত কৰা অৱস্থাত ৰুমেনা বেগম নামৰ বনকৰা মহিলা সেউজ পুৰস্থিত ভাড়া ঘৰৰ পৰা নগদ ১৬ লাখ ৩৩ হেজাৰ টকা উদ্ধাৰ হয় ।

আনহাতে উক্ত বৃহৎ সংখ্যক ধন চিকিৎসক প্ৰেমানন্দ দাসৰ নে আন কাৰোবাৰ আৰক্ষীৰ তদন্তৰ পাছতহে উলাব । চিকিৎসক দাসে ইমান সংখ্যক টকা বেংকৰ পৰিৱৰ্তে ঘৰত কিয় ৰাখিছিল সেইয়াও ৰহস্যজনক । ইমান সংখ্যক ধন হৰলুকি হোৱাৰ পাছতো চিকিৎসকজনে পূৰ্বেই কিয় আৰক্ষীক গোচৰ দিয়া নাছিল সকলো আৰক্ষী তদন্তৰ পাছতহে পোহৰলৈ আহিব ।

Exit mobile version