ধুবুৰীত আধাৰ ভৰ্তিকৰণৰ কাম ত্বৰান্বিত কৰাৰ পদক্ষেপ

চক্ৰ বিষয়া, খণ্ড উন্নয়ণ বিষয়াক আধাৰ কেন্দ্ৰৰ কাম নিৰীক্ষণৰ দায়িত্ব

56859 aadhaar address update

ধুবুৰীত আধাৰ ভৰ্তিকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ পদক্ষেপ হাতত লৈছে ৷ অহা ৩১ আগষ্টৰ ভিতৰত আধাৰ ভৰ্তিকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্যত উপনীত হ’বলৈ ধুবুৰীৰ উপায়ুক্ত এন্বামুথন এম পিয়ে ৰাজহ চক্ৰ বিষয়াসকলক আধাৰ ভৰ্তিকৰণ কেন্দ্ৰৰ কাম কাজ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে ৷

ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, আগমনি, আঠানী, বিলাসীপাৰা, চাপৰ আৰু দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াই নিজ নিজ ৰাজহ চক্ৰত থকা আধাৰ কেন্দ্ৰবোৰৰ কাম সপ্তাহত এদিনকৈ তদাৰক কৰিব আৰু জাননীকৃত ভেৰিফায়াৰসকলৰ লগত যোগাযোগ ৰাখি নিৰ্ধাৰিত সময়ত আধাৰ ভৰ্তিকৰণ সম্পূৰ্ণ হোৱাতো নিশ্চিত কৰিব ৷

একেদৰে ধুবুৰীৰ বিভিন্ন খণ্ড উন্নয়ণ বিষয়াসকলকো নিজ নিজ এলেকাত থকা জাননীকৃত আধাক ভৰ্তিকৰণ কেন্দ্ৰবোৰৰ কাম সপ্তাহত এবাৰকৈ নিৰীক্ষণ কৰিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিছে ৷ এই সন্দৰ্ভত জিলা উপায়ুক্তই আজি জাৰি কৰা এক নিৰ্দেশনাত লগতে স্পষ্ট কৰি দিয়া হৈছে যে আধাৰ ভৰ্তিকৰণৰ নিৰ্দ্ধাৰিত নিয়ম ভংগকাৰীৰ বিৰুদ্ধে সমীপৰ আৰক্ষী থানাত গোচৰ দিয়া হ’ব ৷

Exit mobile version