মাজুলীৰ প্ৰসিদ্ধ শ্ৰীশ্ৰীগড়মূৰ সত্ৰৰ দুই মহলা যুক্ত “পীতাম্বৰদেৱ গােস্বামী স্মৃতি ভৱন“ ক্ষতিগ্রস্ত

সত্ৰৰ আপুৰুগীয়া সম্পদৰাজিৰ প্ৰতি আহিছে ভাবুকি, চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী

IMG 20210806 WA0029

অসমৰ ৰজাঘৰীয়া চাৰিসত্ৰৰ অন্যতম মাজুলীৰ শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ ৰজাদিনীয়া আপুৰুগীয়া সম্পদৰাজি সংৰক্ষণ কৰি ৰখা মাজুলীৰ প্ৰথমটো দুই মহলাযুক্ত পীতাম্বৰদেৱ গোস্বামী স্মৃতি ভৱনৰ বেৰ ভাঙি পৰাত স্মৃতি ভৱনটোত সযতনে ৰখা সম্পদ সমূহৰ প্ৰতি ভাবুকি আহি পৰিছে।

১৯৫৬ চনত স্থাপিত হােৱা আহােম ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপােষকতাত প্রতিষ্ঠা হােৱা সত্ৰখনলৈ বহু আপুৰুগীয়া সম্পদ দান দিছিল। সেই সমূহ সম্পদ মানৰ আক্রমণকে ধৰি নানান প্রাকৃতিক দুর্যোগৰ মুখামুখি হৈয়াে সত্ৰই এই আপুৰুগীয় সম্পদ সযতনে ৰাখিছিল।

প্ৰৱাদ পুৰুষ সত্ৰাধিকাৰ , বিপ্লৱী ধর্মগুৰু শ্ৰীশ্ৰী পীতাম্বৰদেৱ গােস্বামীৰ পদৰেণুৰে ৰঞ্জিত সত্ৰখনত তেখেতৰ দূৰদৰ্শী চিন্তাৰ ফলত প্রায় ডেৰশ বছৰৰ পূবেই সত্ৰাধিকাৰ গৰাকীয়ে কাঠেৰে এটা দুই মহলা যুক্ত গৃহ নির্মাণ কৰিছিল। শতবর্ষ অতিক্রম কৰা গৃহটো অসম চৰকাৰৰ প্রত্নতাত্বিক বিভাগৰ অনুদানেৰে মেৰামতি সহ নৱীকৰণ কৰা হৈছিল আৰু উক্ত শতবর্ষ অতিক্রম কৰা গৃহটো “শ্রীশ্রীপীতাম্বৰদেৱ গােস্বামী স্মৃতি ভৱন” নামেৰে নামকৰণ কৰি ২০১২ বৰ্ষৰ ২৮ জানুৱাৰীত সেই সময়ৰ অসম চৰকাৰৰ জলসম্পদ মন্ত্রী ৰাজীৱ লােচন পেগুৱে উদ্ধোধন কৰিছিল।

প্রায় ন বছৰ হওঁতেই ঐতিহাসিক স্মৃতি ভৱনটোৰ সন্মুখ বেৰ খহি পৰাত সত্ৰখনত ভৱনটোত সংৰক্ষিত হৈ থকা আপুৰুগীয়া সম্পদখিনিক লৈ চিন্তিত হৈ পৰে। পাঁচ আগষ্টৰ পুৱাৰ ভাগতে সংঘটিত এই অনাকাংক্ষিত ঘটনাটোত সত্ৰাধিকাৰ পৰমানন্দদেৱ গােস্বামী কিংকর্তব্যবিমূঢ় হৈ পৰে।

সম্পদসমূহৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰা সত্ৰাধিকাৰ গৰাকীয়ে বৈষ্ণৱ সকলক গােটাই উন্মুক্ত হৈ পৰা গৃহৰ পৰা সম্পদ সমূহ অন্য এটা গৃহলৈ স্থানান্তৰ কৰে।

এই সম্পর্কে সত্ৰাধিকাৰ গৰাকীয়ে জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনক অৱগত কৰি সম্পদ সমূহ সুৰক্ষাৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায়। ঘটনাৰ খবৰ পাই জিলা প্রশাসনৰ হৈ সদৰ মহকুমাধিপতি ধৃতিমান দাস সত্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ প্ৰশাসনৰ তৰফৰ পৰা সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্রদান কৰে।

ইফালে গৃহ নির্মাণত হােৱা বিসংগতিৰ এক তদন্ত বিচাৰি সত্ৰাধিকাৰ গৰাকীয়ে জিলা উপায়ুক্তক এখন আবেদন অর্পণ কৰে। উল্লেখ যে, সত্ৰৰ সম্পদ সমূহ ৰাখিবৰ বাবে এটা যাদুঘৰ নিৰ্মাণ কৰিছিল যদিও উক্ত গৃহ আপুৰুগীয়া সম্পদসমূহ ৰাখিবৰ বাবে উপযুক্ত নােহােৱাত স্মৃতি ভৱনতে সম্পদ সমূহ ৰাখি দর্শনার্থীয়ে চোৱাৰ ব্যৱস্থা কৰিছিল।

কিন্তু এতিয়া হঠাৎ স্মৃতি ভৱনটো ভাঙি যােৱাত সম্পদ সমূহৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰা সত্ৰাধিকাৰ সহ বৈষ্ণৱ সকলে চৰকাৰে এই ক্ষেত্ৰত তৎপৰতা গ্রহণ কৰি অত্যাধুনিক এটা যাদুঘৰ নিৰ্মাণ কৰি দিয়াৰ লগতে প্ৰৱাদ পুৰুষ গৰাকীৰ স্মৃতি ভৱনটোও সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহবান জনাইছে।

উল্লেখ যে, সত্ৰৰ আপুৰুগীয়া সম্পদ সমূহৰ ভিতৰত আহোম ৰজাৰ মহামন্ত্ৰী আতন বুঢ়াগোহাঁইয়ে সত্ৰলৈ দান কৰা ৰূপৰ শৰাই, ৰূপৰ বন কৰা ভঙ্গাৰ, ৰূপৰ কলহ, কাৰুকাৰ্য খচিত বাচন-বৰ্তন, হাতী দাঁত আৰু ইয়াৰো অলংকাৰ, আহোম যুগৰ বৰটোপ, সাঁচিপতীয়া পুথিকে ধৰি বহু সংখ্যক আপুৰুগীয়া সম্পদ সত্ৰখনত সংৰক্ষিত হৈ আছে ।

Exit mobile version