শালবাৰীৰ সমস্যাৰ বুজ ল’লে প্ৰমোদ বড়োৱে

হাগ্ৰামা মহিলাৰীৰ এতিয়া জিৰণি লোৱাৰ সময়, জিৰণি লওক

2020 12 24 14 57 49 55

উপ নিৰ্বাচনক লৈ চিন্তিত নহয় প্ৰমোদ বড়ো, মিত্ৰজোঁটেই দখলৰ কৰিব

 

“সম্প্ৰতি উপ নিৰ্বাচনটো আলোচনাৰ বিষয় বুলি নাভাবো । অসমত এখন চৰকাৰ আছে, য’ত বিজেপি, অগপ, ইউপিপিএল মিলি চৰকাৰখন গঠন হৈছে । বিটিচিটো এখন চৰকাৰ আছে, য’ত ইউপিপিএল, বিজেপি, জিএছপি মিলি চৰকাৰ গঠিত হৈছে । ৰাইজে পৰিৱৰ্তনৰ বাবেই এই চৰকাৰ গঠনৰ সুযোগ দিছে । এই চৰকাৰে পৰিৱৰ্তন আৰু উন্নয়নৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰাই পদক্ষেপ গ্ৰহণ কৰিছে। বিভিন্ন সমস্যা সমাধানত পূৰ্ণ হস্তক্ষেপ কৰিছে। তেনেস্থলত উপ নিৰ্বাচনত মিত্ৰজোঁটেই সমষ্টিবোৰ দখলৰ কৰিব।কিন্তু ক’ভিডৰ সমস্যাৰ পৰিপ্ৰেক্ষিতত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। বিশেষকৈ বিটিচিত উগ্ৰপন্থী সমস্যাৰ দৰে এটা ভয়াবহ সমস্যাৰ সমাধান হৈ গ’ল। এতিয়া আমি ৰাইজৰেই উন্নয়নৰ, সমস্যা সমাধানৰ কাম কৰিবলৈ ওলাইছো । অহা দুই-তিনি বছৰৰ ভিতৰত বড়োলেণ্ডৰ ৰেহৰূপ সলনি হ’ব ।” শালবাৰীত সংবাদ মাধ্যমৰ আগত আজি এইদৰে কয় বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

আনহাতে সাংবাদিকৰে স’তে হোৱা আন এক প্ৰশ্নোত্তৰত প্ৰমোদ বড়োৱে‌ হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কয়, ” হাগ্ৰামা মহিলাৰীয়ে বহুত কৰিলে । তেওঁ যি কৰিলে কৰিলে । তেওঁ আৰু কৰিব নালাগে । হাগ্ৰামা মহিলাৰীৰ এতিয়া জিৰণি লোৱাৰ সময়।হাগ্ৰামা মহিলাৰীয়ে এতিয়া জিৰণি লওক ।”

প্ৰমোদ বড়োৱে বিটিচিৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰা হ’ব বুলিও মন্তব্য কৰে । উল্লেখ্য যে আজি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে বিটিচিৰ বৃহত্তৰ শালবাৰী সমষ্টিটোৰ ভিন্ন সমস্যাবোৰৰ বুজ লয় ৰাইজৰ লগতে টিচিএলচিচি, ভিচিডিচি, ইউপিপিএলৰ বিভিন্ন পৰ্যায়ৰ সমিতিবোৰৰ বিষয়ববীয়াৰ পৰা ।

শালবাৰী সমষ্টিৰ সমস্যাবোৰৰ অধ্যয়নৰত সময়ছোৱাত শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ তথা ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মুছাহাৰী, ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ সভাপতি যগেশ্বৰ বসুমতাৰী, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুৰেশ সৰকাৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ সৰকাৰ, চিলাৰায় বসুমতাৰী, দলৰ কেন্দ্ৰীয় মহিলা কোষৰ সাধাৰণ সম্পাদিকা বিউটি বসুমতাৰী, দলৰ যুৱ কোষৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বড়োৰ লগতে কে’বাগৰাকীও দলীয় নেতা-নেত্ৰীয়ে প্ৰমোদ বড়োক যোগ দিয়ে ।

Exit mobile version