ককটেল প্ৰতিষেধক নিৰাপদ, মিশ্ৰণত ধনাত্মক ফল লাভ, দাবী আইচিএম‌আৰৰ

ক’ভিশ্বিল্ড আৰু ক’ভেক্সিনৰ মিশ্ৰ প্ৰতিষেধকে (ককটেল প্ৰতিষেধক) কৰ’নাৰ বিৰুদ্ধে ভাল প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে । সম্প্ৰতি এক সমীক্ষাৰ পাছত দাবী কৰিছে আইচিএম‌আৰ-এ ।

উত্তৰপ্ৰদেশৰ ২০ জনক ভুলৱশতঃ দুটা পৃথক পৃথক প্ৰতিষেধক প্ৰদান কৰা হয় । এই ঘটনাত চাঞ্চল্যৰ সৃষ্টি হয় । নীতি আয়োগৰ সদস্য বিনোদ পলে দাবী কৰিছিল যে, ব্যক্তিসকলে দুই ধৰণৰ প্ৰতিষেধক গ্ৰহণ কৰিছে যদিও তেওঁলোকৰ শৰীৰত কোনো ক্ষতিকাৰক প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই । পৰৱৰ্তী সময়ত কেন্দ্ৰই স্থিৰ কৰে যে মিশ্ৰ প্ৰতিষেধকৰ ব্যৱহাৰে শৰীৰত কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ সাৰ্বিক ক্ষমতা সৃষ্টি কৰে নে নাই তাৰ পৰীক্ষণ কৰা হ’ব । পৰীক্ষামূলক প্ৰয়োগ কৰাৰ পৰিকল্পনাও কৰে তেওঁলোকে ।

যোৱা মে’ আৰু জুনৰ ভিতৰত উত্তৰপ্ৰদেশত এই সমীক্ষা চলায় আইচিএম‌আৰে । ক’ভিশ্বিল্ড আৰু ক’ভেক্সিন প্ৰতিষেধকৰ মিশ্ৰণ প্ৰয়োগ কৰা হয় । সমীক্ষাত দাবী কৰা হয়, এই মিশ্ৰ প্ৰতিষেধক কেৱল নিৰাপদেই নহয়, ছাৰ্ছ ক’ভ-২ৰ বিভিন্ন ৰূপৰ বিৰুদ্ধেও ভাল প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম ।

যোৱা মাহতেই এই মিশ্ৰ প্ৰতিষেধকৰ বিষয়ত সতৰ্কবাৰ্তা দিছিল বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ প্ৰধান বিজ্ঞানী সৌম্যা স্বামীনাথনে । তেওঁ এই দুই প্ৰতিষেধকৰ মিশ্ৰণৰ প্ৰয়োগক ‘ভয়ানক প্ৰৱণতা’ বুলি ব্যাখ্যা কৰিছিল । তেওঁৰ মত আছিল যে এই ধৰণৰ প্ৰয়োগৰ খুব কমেই তথ্য পোৱা যায় ।

Exit mobile version