কচুগাঁও উন্নয়ন খণ্ডত পি এম এ ৱাই আঁচনিৰ গৃহ নিৰ্মাণত বৃহৎ দুৰ্নীতি

তিনি-চাৰি বছৰে সম্পূৰ্ণ নহ'ল দৰিদ্ৰৰ ঘৰ, ঘাঁহ-বনে ঢাকি ধৰিছে চৰকাৰী গৃহ

চৰকাৰে দৰিদ্ৰ দুখীয়া পৰিয়ালৰ বাবে আবন্টন দিয়া গৃহ নিৰ্মাণৰ ক্ষেত্ৰত যাতে কোনো দুৰ্নীতি সংঘটিত নহয় তাৰ বাবে চৰকাৰে কঠোৰ হোৱাৰ পাছতো গোসাঁইগাঁও মহকুমাৰ কচুগাঁও উন্নয়ন খণ্ডত দুৰ্নীতি সংঘটিত হৈছে । তিনি-চাৰি বছৰে ঘৰ সম্পূৰ্ণ হোৱা নাই ।

কচুগাওঁ উন্নয়ন খণ্ডৰ টাকামপুৰ ভিচিডিচি আৰু যলেশ্বৰী ভিচিডিচিৰ অধীনস্ত শালবাৰী আৰু ভৰতনগৰ গাঁৱৰ নিবাসী দুলাৰ হাসদা, পূজাৰাম মুৰ্মু, সৰকাৰ হেম্ব্ৰম, সুমাই মাৰ্ডি, থাংগা টুডু, পিটাৰ টুডুকে আদি কৰি প্ৰায় ২৫-৩০ জন হিতাধিকাৰীয়ে একোটাকৈ পি এম এ ৱাই গৃহ লাভ কৰে । উক্ত গৃহসমূহ তদানীন্তন ভিচিডিচিৰ সভাপতি, সদস্য, পৰ্যবেক্ষণৰ দায়িত্বত থকা জি আৰ এছ, ইঞ্জিনীয়াৰ আৰু খণ্ড উন্নয়ন বিষয়াগৰাকী চৰম দুৰ্নীতি কৰাৰ অভিযোগ হিতাধিকাৰীৰ ।

হিতাধিকাৰীসকলক বেংকত নি টিপ চহী মাৰি গৃহৰ বাবে আবন্টন পোৱা ধন উঠাই নিয়াৰ পাছত তদানীন্তন ভিচিডিচিৰ সভাপতি, সদস্য আৰু জি এছ আৰে নিজৰ হস্তগত কৰে আৰু ইচ্ছা মতে শিল, বালি, ইটা, কাঠ ব্যৱহাৰ কৰি ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে; যদিও বিগত তিনি-চাৰি বছৰে সম্পূৰ্ণ নোহোৱাত সম্প্ৰতি এইসমূহ অৰ্ধ নিৰ্মিত চৰকাৰী ঘৰ এতিয়া ঘাঁহ-বনে ঢাকি ধৰিছে ।

Exit mobile version