কলগাছিয়াৰ কাউৰঝাহীত বেঁকী নৈৰ বিধ্বংশী গৰাখহনীয়া

নিৰ্বিকাৰ বৰপেটা জিলা প্ৰশাসন-স্থানীয় জনপ্ৰতিনিধি, খহনীয়া ৰোধৰ আশাত নেদেখা জনৰ ওচৰত মোনাজাত ৰাইজৰ

জনীয়া সমষ্টিৰ মাজেৰে বৈ যোৱা বেঁকী নদীৰ গৰাখহনীয়াই বিধ্বংশী ৰূপ ধাৰণ কৰিছে। বিগত দুই মাহে নৈখনৰ বুকুত জাঁহ গৈছৈ কাউৰঝাহী, কাছুকাটী, খাৰবাল্লী আৰু বেছিমাৰী গাঁৱৰ শ শ পৰিয়ালৰ ঘৰ বাৰী,কৃষিভুমিৰ লগতে মূল্যৱান গছ-গছনি।

যাৰ ফলত নৈপৰীয়া ৰাইজে নিজৰ ভেটি-মাটি হেৰুৱাই দিশহাৰা হৈ পথৰ ভিক্ষাৰীত পৰিণত হৈছে। স্থানীয় জনপ্ৰতিনিধি আৰু বৰপেটা জিলা প্ৰশাসনক নৈখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ দাবী জনাই আহিছে যদিও ৰাইজে পোৱা নাই কোনো সুফল।

যাৰফলত উপায়ন্তৰ হৈ আজি অঞ্চলটোৰ শ শ ৰাইজে একত্ৰিত হৈ খহনীয়া প্ৰতিৰোধৰ আশাৰে অন্তিম ভৰষা হিচাপে আল্লাহৰ ওচৰত এইদৰে সমূহীয়া মোনাজাত ধৰি দোৱা কৰিছে।

লগতে নৈখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কৰ্মদক্ষ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী পীষুস হাজৰিকাৰ ওচৰত দাবী জনাইছে অসহায় ভুক্তভোগী নৈপৰীয়া ৰাইজে।

Exit mobile version