গৃহ ঋণ ল’ম বুলি ভাবিছে নেকি ? প্ৰচেচিং মাচুল ৰেহাই দিব এইটো বেংকে

sbi home loan

সপোনৰ ঘৰটো ক্ৰয় কৰিবৰ বাবে আপোনাৰো প্ৰয়োজন হৈছে নেকি কিছু সৰহকৈ টকাৰ ? যদিহে আপুনি কোনো বেংকিং প্ৰতিষ্ঠানৰ পৰা গৃহ ঋণ ল’ম বুলি ভাবিছে, তেন্তে আপোনাৰ বাবে আকৰ্ষণীয় অফাৰ লৈ আহিছে ভাৰতীয় ষ্টেট বেংকে । দেশৰ সবাতোকৈ নিৰ্ভৰযোগ্য আৰু সৰ্ববৃহৎ চৰকাৰী বেংকিং প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংক চমুকৈ এছ বি আয়ে গৃহ ঋণৰ ক্ষেত্ৰত প্ৰচেচিং মাচুল ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে শেহতীয়াকৈ ।

নিজাকৈ এটা ঘৰ সজাৰ সপোন সকলোৱে দেখে । বহুতে এই সপোন পূৰ কৰাৰ বাবে গৃহ ঋণকে আশ্ৰয় হিচাপে লয় । কিন্তু গৃহ ঋণ লোৱাৰ আগে আগে সচৰাচৰ বহুলোকে সিদ্ধান্ত গ্ৰহণ কৰাত কিছু হোঁহকা পিছলা কৰিবলগীয়া হয় । কিয়নো বেংকসমূহে প্ৰদান কৰা গৃহ ঋণৰ সুতৰ হাৰতো মাত্ৰাধিক হয়েই, লগতে প্ৰচেচিং মাচুল যথেষ্ট বেছি হয় । এনে ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংকে ঘোষণা কৰা এই ৰেহায়ে বহু গ্ৰাহকক আকৰ্ষিত কৰিব পাৰিব যেন ধাৰণা হয় ।

উল্লেখ্য যে বৰ্তমান দেশৰ বিভিন্ন বেংকে গৃহ ঋণৰ প্ৰচেচিং মাচুল হিচাপে এক নিৰ্দিষ্ট পৰিমাণৰ অংক ধাৰ্য কৰি থৈছে । সাধাৰণতে এই পৰিমাণ ০.৪০ শতাংশৰ আশে-পাশে । প্ৰচেচিং মাচুল হিচাপে বেংকে আহৰণ কৰা এই ধন গ্ৰাহকক ওভতাই দিয়াও নহয় । কিয়নো প্ৰচেচিং মাচুলত ১০০ শতাংশ ৰেহাই ঘোষণা কৰিছে বেংকটোৱে ।

বেংকটোৰ তৰফৰ পৰা জাৰি কৰা জাননীত প্ৰকাশ পোৱা তথ্য মতে, চলিত বছৰৰ ৩১ আগষ্ট পৰ্যন্ত এই অফাৰ জাৰি থাকিব । অৰ্থাৎ কোনো ব্যক্তিয়ে যদি চলিত মাহৰ ভিতৰতে গৃহ ঋণৰ বাবে আবেদন কৰে তেনে ক্ষেত্ৰত এই অফাৰৰ আওতাত প্ৰচেচিং মাচুল দিয়াৰ পৰা হাত সাৰিব পাৰিব । ইয়াৰ পূৰ্বে বেংকটোৰ গৃহ ঋণৰ প্ৰচেচিং মাচুল আছিল ০.৪০ শতাংশ । কেৱল এই মাহৰ বাবে প্ৰচেচিং মাচুল ৰেহাই দিয়া হৈছে । বেংকৰ তৰফৰ পৰা কোৱা হৈছে যে এই অফাৰৰ ফলত সীমিত সময়ৰ বাবে গৃহ ঋণ লোৱা গ্ৰাহকসকল বিশেষভাৱে উপকৃত হ’ব ।

Exit mobile version