শালবাৰীত জংঘলৰ মাজত উদ্ধাৰ পিষ্টল-গুলী-মেগজিন

বাঁহবাৰীৰ ডকাইতি কাণ্ডত ব্যৱহৃত হৈছিল উদ্ধাৰ হোৱা পিষ্টলটো

বাগসাৰ শালবাৰীৰ দক্ষিণ খয়ৰবাৰীত আজি জংঘলৰ মাজত এটা পিষ্টল, ছয় জাঁই সজীৱ গুলী আৰু এটা মেগজিন উদ্ধাৰ হয় ৷ দক্ষিণ খয়ৰবাৰী গাঁৱৰ মৃত্যুঞ্জয় দাস নামৰ লোকজনৰ ঘৰৰ পৰা প্ৰায় তিনিশ মিটাৰ আঁতৰৰ ঘন জংঘলৰ মাজত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰখিনি বাঁহবাৰীস্থিত এছবিআইৰ গ্ৰাহকসেৱা কেন্দ্ৰত তিনিদিন পূৰ্বে সংঘটিত হোৱা ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা হৈছিল বুলি শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই এক সংবাদ মেলযোগে জানিবলৈ দিছে ৷

উল্লেখ্য যে যোৱা চাৰি আগষ্টত মানাহৰ সমীপৰ বাঁহবাৰীস্থিত এটা এছবিআইৰ গ্ৰাহকসেৱা কেন্দ্ৰত দিনতে সংঘটিত হৈছিল এক ডকাইতি কাণ্ড ৷ তিনিজনীয়া এটা ডকাইতৰ দলে পিষ্টল দেখুৱাই কাঢ়ি নিছিল তিনি লাখকৈ নগদ ধন ৷ ৰাইজৰ সহযোগত আৰক্ষীয়ে সিদিনাই বিজিৎ বড়ো নামৰ এজন ডকাইতক কৰায়ত্ত কৰাৰ লগতে পাঁচ আগষ্টত সমৰ সিং নাৰ্জাৰী নামৰ আন এজন ডকাইতক আটক কৰিবলৈ সক্ষম হৈছিল আৰক্ষী ৷

আৰক্ষীৰ জিম্মাত থকা ডকাইত দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত পাঁচ আগষ্টত খয়ৰবাৰী গাঁৱৰ ঘন জংঘলৰ মাজত লুকাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৭.৬৫ এমএমৰ এটা পিষ্টল ৷ আন এটা পিষ্টলৰ সন্ধানত আৰক্ষীয়ে চিআৰপিএফৰ স’তে হাবিয়ে-বনে তীব্ৰ অভিযান চলাইছিল যদিও পিষ্টলটো উদ্ধাৰ কৰিব পৰা নাছিল ৷

ঘটনাৰ তিনিদিন পাছত আজি ৰাতিপুৱা দক্ষিণ খয়ৰবাৰী গাঁৱৰ বাসিন্দা মৃত্যুঞ্জয় দাসে ঘৰৰ কাষৰ জংঘলত মাটিত পৰি থকা অৱস্থাত এটা পিষ্টল প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক ভগৱান দাসক খবৰ দিয়ে আৰু ভগৱান দাসে আৰক্ষীৰ স’তে যোগাযোগ কৰাত ঘটনাস্থলীত শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্য, শালবাৰী থানাৰ অ’চি,‌ নিমুৱাস্থিত চিআৰপিএফ কেম্পৰ কোমাণ্ডেট ৰাজেশ কুমাৰ আদি উপস্থিত হৈ পিষ্টলটো উদ্ধাৰ কৰাৰ লগতে ছয় জাঁই সজীৱ গুলী আৰু এটা মেগজিনো উদ্ধাৰ কৰে ৷

উদ্ধাৰ হোৱা পিষ্টলটো কাচীনত নিৰ্মিত বুলি জানিবলৈ দিছে মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে ৷ উল্লেখ্য যে ইতিপূৰ্বে ধৃত ডকাইত সমৰ সিং নাৰ্জাৰীক ঘটনাস্থলীলৈ আনি উদ্ধাৰ হোৱা পিষ্টলটো ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা বুলি চিনাক্ত কৰিছে ।

Exit mobile version