সহযোগী অধ্যাপকেই গৱেষণা পত্ৰ চুৰি কৰি ল’লে ডক্টৰেট ডিগ্ৰী

বিতৰ্কত ডিব্ৰুগড় বিশ্ববিদ্যালয়ঃ সচকিত শৈক্ষিক-বৌদ্ধিক মহল

jpg 1

পুনৰ বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় । এইবাৰ অসমৰ এই ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনত আনৰ গৱেষণা পত্ৰ চুৰি কৰি ডক্টৰেট ডিগ্ৰী অৰ্জনৰ দৰে লজ্জাজনক ঘটনা সংঘটিত হৈছে । বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ লিখিতভাৱে কৰ্তৃপক্ষক দাখিল কৰা হৈছে ।

ডিব্ৰু মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বিজু মৰাণে আন এজন সহকাৰী অধ্যাপক দৰ্পণজিৎ কোঁৱৰৰ বিৰুদ্ধে তথ্য চুৰিৰ অভিযোগ দাখিল কৰিছে । অধ্যাপক মৰাণে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ প্ৰেৰণ কৰা এক পত্ৰত উল্লেখ কৰে যে তেওঁ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ তদানীন্তন অধ্যাপক ড° ভীমকান্ত বৰুৱাৰ তত্বাৱধানত ‘টাই ফাকে ভাষা : বৰ্ণনাত্মক অধ্যয়ন’ শীৰ্ষক বিষয়ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত পি এইচ ডি গৱেষণা পত্ৰ দাখিল কৰিছিল । বিশ্ববিদ্যালয়ে ১০০৮ৰ জুনত তেওঁক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে ।

মৰাণে দাখিল কৰা অভিযোগ পত্ৰত এইদৰে উল্লেখ কৰা হয়, ‘২০১৯ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত সেই বিভাগৰে সহকাৰী অধ্যাপক দৰ্পণজিৎ কোঁৱৰে খাময়াং আৰু ফাকে ভাষাৰ ধ্বনিতত্ত্বঃ এক সাংবহনিক বিশ্লেষণ শীৰ্ষ বিষয়ত পি এইছ ডি গৱেষণা গ্ৰন্থ দাখিল কৰি পৰৱৰ্তী সময়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে । তেওঁৰ গৱেষণা গ্ৰন্থখন পঢ়ি ম‌ই স্তম্ভিত হৈ পৰো । মোৰ পৰা কোনো যাৱতীয় অনুমতি নোলোৱাকৈ আৰু প্ৰয়োজনীয় ঋণ স্বীকাৰ নকৰাকৈ তেওঁৰ গৱেষণা পত্ৰৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম অধ্যায়ত মোৰ গৱেষণা পত্ৰৰ পৰা হুবহু ৰূপত আৰু একেটা ক্ৰমত সৰ্বমুঠ ২৮ টা পৃষ্ঠাৰ তথ্য চুৰি কৰি ব্যৱহাৰ কৰিছে ।’

অধ্যাপক মৰাণে অভিযোগ পত্ৰৰ স’তে এইসমূহ তথ্য দাখিল কৰিছে । তেওঁ উল্লেখ কৰে যে ড° ভীমকান্ত বৰুৱাৰ তত্বাৱধানত ২০১৪ত ‘টাই খাময়াং ভাষা : বৰ্ণনাত্মক অধ্যয়ন’ শীৰ্ষক এখন পি এইছ ডি গৱেষণা গ্ৰন্থ দাখিল কৰা হৈছে । সন্দেহ উপজাত মৰাণে এইখনো পৰীক্ষা কৰে আৰু প্ৰত্যক্ষ কৰে যে কোঁৱৰে এই গ্ৰন্থৰ পৰাও ১৯ পৃষ্ঠাৰ তথ্য একেলেথাৰিয়ে আৰু হুবহু ৰূপত তৃতীয়, চতুৰ্থ আৰু পঞ্চম অধ্যায় ব্যৱহাৰ কৰে ।

অধ্যাপক মৰাণৰ অভিযোগ অনুসৰি কোঁৱৰে সহজে ধৰা পেলাব নোৱাৰাকৈ এই দুয়োখন গ্ৰন্থৰ পৰা ভালে সংখ্যক গ্ৰন্থ নিয়ম বহিৰ্ভূতভাৱে আৰু চতুৰালিৰে তেওঁৰ গৱেষণা গ্ৰন্থৰ বিভিন্ন ঠাইত ব্যৱহাৰ কৰিছে । লক্ষ্যণীয়ভাৱে এই দুই গৱেষণা গ্ৰন্থৰ প্ৰসংগ কোঁৱৰে তেওঁৰ গৱেষণা গ্ৰন্থ পূৰ্বকৃত অধ্যয়ন শীৰ্ষক অংশত উল্লেখ কৰিছে । ফলত তেওঁ নিজ গৱেষণাৰ পূৰ্বে উক্ত দুয়োখন গৱেষণা গ্ৰন্থ চাবলৈ সুবিধা লাভ কৰাটো স্পষ্ট হৈ পৰা বুলি অভিযোগকাৰী মৰাণে কয় ।

আন এক অভিযোগ অনুসৰি কোঁৱৰে ২০১৪ত ‘খাময়াং ভাষাৰ ধ্বনিত : সাংবহনিক বিশ্লেষণ’ শীৰ্ষক বিষয়ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত গৱেষণা পত্ৰ দাখিল কৰি পৰৱৰ্তী সময়ত এম ফিল ডিগ্ৰী লাভ কৰে । মৰাণে আঙুলিয়াই দিয়ে যে এম ফিল গৱেষণা গ্ৰন্থৰ ভালেসংখ্যক তথ্য পি এইছ ডি গ্ৰন্থত সন্নিবিষ্ট হৈছে । সেয়েহে পি এইছ ডিৰ গৱেষণাৰ তথ্যসমূহৰ একাংশ পূৰ্বে ব্যৱহৃত তথ্য, সম্পূৰ্ণ নতুন তথ্য নহয় ।

ড° মৰাণে দাখিল কৰা লিখিত অভিযোগত এই সমস্ত নথি সংলগ্ন কৰা হৈছে । এই পত্ৰত তেওঁ উচিত তদন্তৰ দাবী কৰিছে । এই সমস্ত ঘটনাত গাইডৰ ভূমিকাই সন্দেহৰ সৃষ্টি কৰিছে । দুৰ্নীতিৰ অভিযোগত উপাচাৰ্যসহ উপ-পঞ্জীয়ক নিলম্বন হৈ থকা আৰু পঞ্জীয়ককে ধৰি কে’বাজনো শীৰ্ষস্থানীয় লোক পলাতক হৈ থকাৰ সময়তে বিশ্ববিদ্যালয়খনৰ এজন অধ্যাপকে পুনৰ বিশ্ববিদ্যালয়ৰ সন্মান ভূলুণ্ঠিত কৰি এনে দুষ্কাৰ্যত জড়িত হোৱা বুলি বৌদ্ধিক মহলে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অৱশ্যে এই সন্দৰ্ভত কৰ্তৃপক্ষই কেনে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ।

Exit mobile version