আজিও পকীকৰণ নহ’ল মহৰিপাৰা টেঙাঝাৰ গাঁৱৰ পথ আৰু দলং

তীব্র অসন্তুষ্টি প্ৰকাশ সদৌ অসম কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ লগতে অঞ্চলবাসীৰ

WhatsApp Image 2021 08 09 at 6.50.38 PM

জৰাজীৰ্ণ পথ আৰু দলঙে জ্বলা-কলা খুৱাইছে বাগসা জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাবাসীক । স্বাধীনতাৰ সাতটা দশক পাৰ হোৱাৰ পাছতো ৰঙিয়া বিধানসভা সমষ্টিৰ আৰু শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মহৰিপাৰা-টেঙাঝাৰ গাঁৱৰ মাজেৰে যোৱা গুৰুত্বপূৰ্ণ পথটি আৰু দলংখন আজিকোপতি পকীকৰণ নোহোৱাত ৰাইজে চৰম দূৰ্ভোগ ভুগিবলগীয়া হৈছে।

উল্লেখযোগ্য যে বিগত ২০১৭-১৮ বৰ্ষত সেই সময়ৰ কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে মহৰিপাৰা জয়গুৰু মন্দিৰৰ পৰা ৰাসসত্ৰ হৈ চামাবাৰী মকুন্দপুৰলৈ পথচোৱাৰ পকীকৰণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল। ৰাইজেও বহুত আশা প্ৰকাশ কৰিছিল যে পথছোৱা আৰু দলংখন পকীকৰন হ’ব । সেই সময়ত উক্ত পথছোৱা নিৰ্মাণৰ দায়িত্ব ডেকা উপাধিৰ এজন ঠিকাদাৰক দিয়া হৈছিল বুলি ৰাইজে জানিছিল। কিন্তু মাথোন কিছু কিছু ঠাইত মাটি আৰু শিল পেলাই তেওঁ কাম অসম্পূৰ্ণ কৰি থয় আৰু আজিকোপতি কাম সম্পূৰ্ণ নকৰিলে। গতিকে অঞ্চলবাসীৰ আশাত চেঁচাপানী পৰে ।

এই ক্ষেত্ৰত ৰাইজ তথা কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি সমৰজ্যোতি ডেকাই বিভাগীয়ভাৱে বিষয়টোৰ তদন্ত আহ্বান কৰিছে । এবাৰ আধাৰশিলা স্থাপন হোৱা পথ এটি কাৰ ভুলৰ বাবে অসম্পূৰ্ণ হৈ থাকিল এই বিষয়ে প্ৰশ্ন উত্থাপন হৈছে । নেতাগৰাকীয়ে সন্দেহ প্ৰকাশ কৰে যে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এনেদৰে কাম অসম্পূৰ্ণ হৈ থাকিল । গতিকে নিৰপেক্ষ তদন্তৰ অতি প্ৰয়োজনীয়তা দাবী কৰিছে সংগঠনটোৱে ।

ৰাইজে আক্ষেপ কৰি কয় যে বছৰত তিনিবাৰকৈ দলংখন বাঁহেৰে নিৰ্মাণ কৰি তেওঁলোকে যাতায়ত কৰিবলগীয়া হয়। ৰুগীয়া ব্যক্তি তথা গৰ্ভৱতী মহিলাক চিকিৎসাৰ বাবে ঠেলাত নিবলগীয়া হয় । এই বিষয়ে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি সমৰজ্যোতি ডেকাই কয় যে বিগত কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰে ৰাজ্যত থকা কাঠৰ দলংসমূহ পকীকৰণ কৰিবলৈ আঁচনি হাতত লৈছে যদিও উক্ত দলংখনৰ ওপৰত কোনো এখন চৰকাৰৰে চকু নপৰিল ।

ইয়াৰোপৰি প্ৰায় ২০/২৫ হেজাৰৰো অধিক লোকেৰে পৰিবেষ্টিত এই অঞ্চলৰ ৰাইজে বাৰম্বাৰ ইয়াৰ স্থানীয় জনপ্ৰতিনিধিক পথটি আৰু দলংখনৰ পকীকৰণৰ বাবে দাবী জনাইছিল যদিও কোনেও গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল । ডেকাই কয় যে প্ৰায় ৯০ শতাংশ কৃষকৰে আবেষ্টিত এই অঞ্চলৰ কৃষকৰ উৎপাদিত শস্য ক্ৰয় কৰিবৰ বাবে এই দলংখনৰ বাবে অতিশয় কষ্ট কৰিবলগীয়া হয় । যথেষ্ট সংখ্যক আঁচনি থকাৰ পাছতো যদি ইমান বছৰে এনেধৰণৰ দলং পকীকৰণ নহয় তেন্তে এনে আঁচনিৰ প্ৰয়োজনীয়তাই নাথাকে বুলি সংগঠনটোৰ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে । এই ক্ষেত্ৰত কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীৰ বাসস্থানৰ অতি ওচৰৰ ঠাই হিচাপে তেঁৱো কোনো উদ্যোগ লোৱা পৰিলক্ষিত নহ’ল ।

স্থানীয় বিধায়ক ভবেশ কলিতাৰো সুদৃষ্টি কামনা কৰিছে সংগঠনটোৱে । সেয়েহে ডেকাই পুনৰ উক্ত সমষ্টিৰ বিধায়ক ভবেশ কলিতা আৰু কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীক পথটিৰ লগতে দলংখনৰ পকীকৰণ কৰি এই বৃহত্তৰ অঞ্চলবাসীৰ সুবিধা কৰি দিবলৈ আহ্বান জনায় ।

Exit mobile version