ক’ভিড বিধি উলংঘন ব্রিটিছ প্রধানমন্ত্রী জনছনৰ, ক্ষুব্ধ দেশবাসী

119818836 borisjohnsonpolicereuters

ব্রিটেইনত স্বয়ং প্রধানমন্ত্রীয়ে উলংঘন কৰিলে ক’ভিড বিধি। ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনৰ এজন সহযােগী ক’ভিড ১৯ত আক্রান্ত হ’ল। ক’ভিড বিধি অনুসৰি জনছনে কোৱাৰেন্টাইনত থাকিব লাগে। কিন্তু জনছনে নিভৃতবাসত নথকাৰ সিদ্ধান্ত ল’লে।

ব্রিটিছ প্রধানমন্ত্ৰীৰ এই সিদ্ধান্তত ক্ষুব্ধ বিৰােধীয়ে প্রশ্ন কৰি কয় যে এইখন কেনে ধৰণৰ চৰকাৰ যি চৰকাৰে নিজে তৈয়াৰ কৰা নিয়ম নিজে ভংগ কৰে? অলপতে জনছনৰ প্রাক্তন স্বাস্থ্য মন্ত্রী মেট হেনককে কৰ’না বিধি উলংঘন কৰাৰ পৰিণতিত মন্ত্রিত্ব হেৰুৱাইছিল।

মেটৰ পাছত স্বয়ং ব্রিটিছ প্রধানমন্ত্রীয়ে নিজে তৈয়াৰ কৰা স্বাস্থ্য বিধি উলংঘন কৰিলে। কনা আক্ৰান্তৰ সংস্পৰ্শলৈ আহিলে ১০ দিন নিভৃতবাসত থকাটো ব্রিটেইনত নিয়ম যদিও সতীর্থ আক্রান্ত সংস্পৰ্শলৈ অহাৰ পাছতাে জনছনে কোৱাৰেন্টাইনত নথকাৰ সিদ্ধান্ত ল’লে।

Exit mobile version