কলগাছিয়াত ঘোঁৰাৰ গাড়ীত মটৰচাইকেল তুলি মূল্যবৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ

সমগ্ৰ দেশৰ লগতে আজি কলগাছিয়াতো নিখিল ভাৰত কৃষক সভা আৰু চি আই টি ইউ উদ্যোগত ভাৰত বচাও আন্দোলন কৰা পৰিলক্ষিত হয় ।

কেন্দ্ৰীয় চৰকাৰৰ কৃষক আৰু শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে কৃষক বিৰোধী তিনিখন ক’লা আইন বাতিল কৰা, পেট্ৰ’ল-ডিজেল আদি অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, এম এছ পি নিৰ্দ্ধাৰণ কৰা, নিৰ্মাণ শ্ৰমিক-অসংগঠিত খণ্ডৰ শ্ৰমিক, ৰন্ধন কৰ্মী, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী-সহায়িকা আদি আৰু আঁচনিৰ ভুক্ত শ্ৰমিক কৰ্মচাৰীৰ নূন্যতম মজুৰি মাহে ১৮ হাজাৰ টকা ধাৰ্য্য কৰা, ৰাজহ খণ্ডৰ কলকাৰখানা, বেংক, এল আই চি, ৰেল, এৰোপ্লেন আদি ব্যক্তিগত কৰণ বন্ধ কৰা, ক’ভিড ১৯ৰ ভেকচিন বিনামূলীয়াকৈ সকলোকে দ্ৰুতগতিত প্ৰদান কৰা, আয়কৰ আওঁতাৰ বাহিৰত থকা সকলো শ্ৰমিকক মাহেকত ৭ হেজাৰ ৫ শ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা, জনেপ্ৰতি মাহেকত ১০ কেজিকৈ চাউল যোগান ধৰা আৰু বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাকৈ কৃষক শ্ৰমিক সকলক উচ্ছেদ বন্ধ কৰাৰ দাবীত এই আন্দোলন কৰা পৰিলক্ষিত হয় ।

তদ্ৰুপ নিখিল ভাৰত কৃষক সভা আৰু চি আই টি ইউৰ উদ্যোগত উপৰোক্ত দাবীৰ ভিত্তিত জনীয়াতো ভাৰত বচাও আন্দোলন কৰা দেখা যায় । অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰাৰ গাড়ীত মটৰচাইকেল তুলি কলগাছিয়াত নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিকক পদযাত্ৰা কৰি ভাৰত বচাওক আন্দোলন নামেৰে এক অভিনৱ আন্দোলন কৰা দেখা যায়।

Exit mobile version