ভয়াৱহ বনজুইত কমেও ১০ জনৰ প্ৰাণহানি গ্ৰীচ-তুৰস্কত

im 382395

সমগ্ৰ দক্ষিণ ইউৰোপত সম্প্ৰতি বনজুইৰ একাধিক ঘটনাই আতংকৰ সৃষ্টি কৰিছে । তুৰস্কৰ পৰা গ্ৰীচলৈকে দাবানলত দগ্ধ হ’বলৈ ধৰিছে দক্ষিণ ইউৰোপৰ একাধিক দেশ ।

দাবানলৰ এনে ঘটনাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ল গ্ৰীচ । দেশখনৰ কে’বা হেজাৰ লোকে ইতিমধ্যে নিজৰ বাসগৃহ ত্যাগ কৰিবলৈ বাধ্য হৈছে । তদুপৰি দাবানলৰ ঘটনাত কমেও ১০ জন লোকৰ মৃত্যু হ’ল ।

বিগত এক দশকৰ পাছত গ্ৰীচত বনজুইৰ ঘটনাই এনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বিগত কেইদিনমানত দেশখনত মুঠ ১৫৪টা দাবানলৰ ঘটনা সংঘটিত হ’ল ।

গ্ৰীচৰ বৰ্তমান তাপমাত্ৰা হৈছে ৪২-৪৫ ডিগ্ৰী চেলচিয়াছৰ ভিতৰত । তুৰস্কতো বনজুইৰ একাধিক ঘটনা সংঘটিত হৈছে । ইটালিৰ চিচিলিত চলিত বৰ্ষত প্ৰথম দাবানলৰ ঘটনা সংঘটিত হৈছিল আৰু এই বনজুই দেশখনৰ আন অঞ্চললৈ বিয়পি পৰিছিল । তুৰস্কত ৩০টা অঞ্চলত ১৩৭টা দাবানলৰ ঘটনা বৰ্তমানলৈকে সংঘটিত হৈছে ।

Exit mobile version