ভাৰতৰ নেতৃত্বত আফগানিস্তানক লৈ ৰাষ্ট্ৰসংঘৰ বৈঠকলৈ নিমন্ত্রণ লাভ নকৰি ক্ষুব্ধ পাকিস্তান

fik2ckq imran

ভাৰতৰ সভাপতিত্বত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকলৈ আমন্ত্রণ লাভ নকৰিলে পাকিস্তানে। ১৫ সদস্য বিশিষ্ট পৰিষদৰ বৈঠক আলােচনাৰ বিষয় আছিল আফগানিস্তানৰ সাম্প্রতিক পৰিস্থিতি।

কিন্তু উক্ত আলােচনালৈ আফগানিস্তানৰ নিকটতম প্রতিবেশী ৰাষ্ট্ৰক কিয় নিমন্ত্রণ জনােৱা নহ’ল বুলি ক্ষোভ প্রকাশ কৰিলে পাকিস্তানে। পাকিস্তানৰ বৈদেশিক মন্ত্রণালয়ে এক বিবৃতিত এই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰিলে।

আনহাতে, উক্ত বৈঠকত ভাৰতে অভিযােগৰ আঙুলি তুলিলে পাকিস্তানৰ বিৰুদ্ধে। যিদৰে পাকিস্তান তালিবানৰ দৰে অসংখ্য সন্ত্রাসবাদী সংগঠনৰ স্বৰ্গত পৰিণত হৈছে, ইয়াৰ তীব্ৰ বিৰােধিতা কৰিলে নতুন দিল্লীয়ে।

ৰাষ্ট্ৰসংঘত নিযুক্ত ভাৰতৰ স্থায়ী প্রতিনিধি টি এছ তিমূর্তিয়ে এই সন্দৰ্ভত কয়, ‘আফগানিস্তানলৈ শান্তি ঘূৰাই আনিবলৈ হ’লে সন্ত্রাসবাদীৰ নিৰাপদ অভয়াৰণ্যত অবিলম্বে ধ্বংস কৰিব লাগিব। ‘উল্লেখ্য যে এমাহৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিৰ দায়িত্ব লাভ কৰিছে ভাৰতে।

Exit mobile version