মহাৰাষ্ট্রৰ বানপীড়িতক সহায়ৰ বাবে আগবাঢ়ি আহিল ছলমান খান

Salman Khan potrait

বলিউড অভিনেতা ছনু সুদে কৰ’না কালত অসংখ্য লােকক বিভিন্ন মাধ্যমৰে সহায় কৰি সংবাদ শিৰােনাম দখল কৰি আহিছে। এইবাৰ মহাৰাষ্ট্রৰ বানপীড়িতৰ বাবে সহায়ৰ হাত আগবঢ়ালে ছনুৰ লগতে মহাতাৰকা অভিনেতা ছলমান খানে।

বান প্ৰভাৱিত ৰাজ্যখনৰ ক্ষতিগ্রস্ত লােকসকলক ছলমানে তেওঁৰ ‘বিং হিউমেন’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ জৰিয়তে খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্রী যােগানৰে সহায় কৰিছে।

ছলমানৰ লগতে যুৱা সেনা আৰু আই লাভ মুম্বাই নামৰ সংস্থা দুটায়াে মহাৰাষ্ট্ৰৰ বানপীড়িতক সহায় আগবঢ়াইছে। উল্লেখ্য যে যােৱা ২২ জুলাইৰ পৰা মহাৰাষ্ট্ৰত অব্যাহত থকা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ আঠখন জিলাত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

বান আৰু ভূস্খলনৰ ঘটনাত এতিয়ালৈকে ৰাজ্যখনত ২২৫ জন লােকৰ মৃত্যু হৈছে আৰু কে’বা কোটি টকাৰ সম্পত্তি ধ্বংস হ’ল।

Exit mobile version