মােদীক আকৌ প্রশংসা থাৰুৰৰ, কিন্তু কিয় ?

1619155530 1609658922 tharoor 1

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীক পুনৰ প্রশংসা কৰিলে কংগ্রেছ সাংসদ শশী থাৰুৰে। এইবাৰ ‘কোউইন’ এপ্ সন্দৰ্ভত মােদী চৰকাৰক প্রশংসা কৰি ইয়াক এক চমকপ্রদ আখ্যা দিলে কংগ্ৰেছ সাংসদজনে।

হােৱাটছএপৰ জৰিয়তে কোউইনৰে টিকাকৰণৰ প্রমাণপত্র ডাউনলােড কৰাৰ সুবিধাক লৈ থাৰুৰে মােদী চৰকাৰক প্রশংসা কৰিলে। ভাৰতৰ টিকাকৰণ অভিযানত কোউইন এপে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

এই এপ টিকাকৰণৰ পঞ্জীয়নৰ পৰা প্রমাণপত্র সংগ্রহ কৰালৈকে সকলােখিনি যাৱতীয় কাম সম্পন্ন কৰিব পাৰি। এক টুইটত দেওবাৰে থাৰুৰে কয়, মই সদায় চৰকাৰৰ ভাল কাম স্বীকাৰ কৰাে আৰু ইয়াৰ প্রশংসা কৰাে।

কোউইনৰ সন্দৰ্ভত মই কওঁ যে ই যথেষ্ট ভাল কাম কৰিছে । ইয়াৰ জৰিয়তে টিকাকৰণৰ প্রমাণপত্র অতি সহজে আৰু তৎকালে লাভ কৰিব পাৰি।

Exit mobile version