হােজাইত বল বমৰ ব্যাপক উচাহাবিধানসভাত স্থান পােৱা ন নাথ মন্দিৰত ভক্তৰ ভিৰ

IMG 20210809 110909

অসম বিধানসভাৰ মজিয়াত স্থান লাভ কৰা পৌৰানিক কীর্তি চিহ্নৰে ভৰপুৰ হােজাইৰ ন নাথ মন্দিৰত ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতাে বল বম ভক্তৰ দেখা গৈছে ব্যাপক সমাগম।

শাওন মাহৰ পবিত্র বল বমৰ চতুর্থটো দেওবাৰে মাজনিশা লৈকে নটা শিৱলিংগ থকা ননাথ মন্দিৰত হৈ ভক্তৰ বৃহৎ সমাগমাইপিনে স্থানীয় ডিমাছা যুৱতী মহিলা সকলেও জাতীয় সাজপাৰ পিন্ধি হাতত পানী ভর্তি কলহ লৈ সুশৃঙ্খলাবদ্ধ বাবে মন্দিৰত উপস্থিত হৈ সােমবাৰে পুৱতি নিশাই শিৱলিংগত পানী ঢালি পূজা অর্চনা কৰে

লক্ষণীয় যে কেন্দ্রগুৰি গাওঁত অৱস্থিত মন্দিৰখনলৈ অহা প্ৰতিজন ভক্তক ক’ভিডৰ নিয়ম নীতিৰ মাজেৰে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিয়ে।

উল্লেখ যোগ্য যে ৰজাদিনীয়া কীর্তি চিহ্নৰে ভৰপুৰ ন নাথ মন্দিৰক পর্যটন থলী হিচাপে গঢ় দিব লাগে বুলি স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘােষে চলিত বাজেট অধিবেশনত কৰিছিল ।

Exit mobile version