উত্তৰ প্ৰদেশৰ নির্বাচনৰ পূর্বে কৃষি আইন প্রত্যাহাৰ কৰিব পাৰে মােদী চৰকাৰে

1623502745 farmers protest

উত্তৰ প্ৰদেশৰ নির্বাচনৰ কথা মনত ৰাখি বিতর্কিত কৃষি আইন প্রত্যাহাৰ কৰিব পাৰে নৰেন্দ্ৰ মােদীৰ চৰকাৰে। এনে এক ইংগিত দিলে উত্তৰ প্ৰদেশৰ এজন বিজেপি নেতাই।

ৰাম ইকবাল সিং নামৰ বিজেপিৰ নেতাজনে দিল্লী সীমান্তসহ দেশৰ একাধিক অঞ্চলত অব্যাহত থকা কৃষক আন্দোলনলৈ সমর্থন ব্যক্ত কৰি কয়, কৃষকৰ দাবী নৈতিক।

কৃষক আন্দোলন আৰু উত্তৰ প্রদেশ বিধানসভাৰ নিৰ্বাচনৰ কথা মনত ৰাখি নতুন কৃষি আইন কেন্দ্রই প্রত্যাহাৰ কৰিব পাৰে। উল্লেখ্য যে বিগত নমাহৰাে অধিক দিন ধৰি পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে মােদী চৰকাৰৰ তিনিখন বিতর্কিত কৃষি আইন বাতিলৰ দাবীৰে আন্দোলন অব্যাহত ৰাখিছে ।

Exit mobile version