এন এল এফ বিৰ প্লাটুন কমাণ্ডাৰ বি বিথুংগৌৰাৰ নেতৃত্বত ২২ গৰাকী কেডাৰৰ মূল সুতিলৈ আগমন

বি বাথাৰ নেতৃত্বত নতুনকৈ জন্মলাভ কৰা এন এল এফবিৰ ২২ গৰাকী কেডাৰে আজি জংঘলৰ পৰা ওলাই আহি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে । কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ টিপকাই বনাঞ্চলৰ দূৰ্গম ঠাইত আত্মগোপন কৰি থকা এন এল এফ বিৰ কেডাৰসকলে আজি সংগঠনটোৰ প্লাটুন কমাণ্ডাৰ বি বিথুংগৌৰাৰ নেতৃত্বত জংঘলৰ পৰা ওলাই আহে ।

জংঘলৰ পৰা ওলাই অহাসকল শিঙিমাৰীত আহি পোৱাৰ লগে লগে এক আৱেগবিহ্বল পৰিৱেশৰ সৃষ্টি হয় । উক্ত স্থানত পূৰ্বৰে পৰা কোকৰাঝাৰ জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ লগতে পূৰ্বতে আত্মসমৰ্পন কৰা এন এল এফ বিৰ নেতৃবৰ্গৰ উপৰি মধ্যস্থতাকাৰী পৃথ্বিৰাজ নাৰায়ন কোচ উপস্থিত থাকে ।

আজিৰ আদৰনি অনুষ্ঠানত এনএলএফবি সেনাধক্ষ্য এম বাথা, ভাইচ চেয়াৰমেন বি বকো উপস্থিত থাকি আদৰনি জনায় ।

পৰৱৰ্তী সময়ত ওদালগুৰি আৰু বাগসা জিলাৰ এন এল এফ বি কেডাৰসকলেও অতি শীঘ্ৰে মূল সুতিলৈ ঘূৰি আহিব বুলি জনায় পৃথ্বী নাৰায়নে । জংঘলৰ পৰা বিভিন্ন মাৰনাস্ত্ৰ লৈ ওলাই অহা কেডাৰসকলক আৰক্ষীৰ বেষ্টনিত কোকৰাঝাৰলৈ নিয়া হয় ।

এন এল এফ বি কেডাৰসকল আজি জংঘলৰ পৰা ওলাই অহাৰ খবৰ লাভ কৰি বহুতো ৰাইজে আহি মূল সুতিলৈ অহা এন এল এফ বি কেডাৰসকলক জয়ধ্বনি দি আদৰণি জনায় ।

এন এল এফ বিৰ ভাইচ চেয়াৰমেন বি বকোৱে সাংবাদিকৰে সাক্ষাৎকাৰত কয় যে কোকৰাঝাৰ জিলাৰ পাছত এতিয়া ওদালগুৰীৰ সদস্যসকলো অলপ দিনৰ ভিতৰতে আহিব ।

Exit mobile version