ভাৰতৰ সফলতাৰ পাছত ইমৰাণ চৰকাৰক সমালােচনা

১৯৯২ পৰা অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হােৱা নাই পাকিস্তানে

download

ভাৰতে এইবাৰ টকিঅ’অলিম্পিকত সর্বাধিক সাতটা পদক লাভ কৰি নতুন অভিলেখ গঢ়াৰ গৌৰৱময় সফলতাৰ সময়তে আকৌ এবাৰ অলিম্পিকৰ পৰা হাতাশা লৈ ঘুৰি আহিল পাকিস্তান। উল্লেখ্য যে পাকিস্তানে অলিম্পিকত এতিয়ালৈকে লাভ কৰিছে ১০ টা পদক। ইয়াৰে তিনিটা সােণ, তিনিটা ৰূপ আৰুচাৰিটা ব্রঞ্জ। কিন্তু যােৱা ২৯ বছৰ ধৰি পাকিস্তানে অলিম্পিক পদক লাভ কৰিবলৈ সক্ষম হােৱা নাই। উল্লেখ্য যে ১৯৯২ ৰ পৰা পাকিস্তানেঅলিম্পিকত পদক লাভ কৰা নাই।

পাকিস্তানে ১৯৯২ ৰ বার্চিলানা অলিম্পিক অন্তিমবাৰৰ বাবে হকীত পদক লাভ কৰিছিল। স্মর্তব্য যে পাকিস্তানে অলিম্পিকত এতিয়ালৈকে লাভ কৰা ১০ টা পদকৰ ভিতৰত আঠটা পদকে হৈছে পুৰুষ হকী দলৰ। দুটা পদকহে ব্যক্তিগত শাখাত লাভ কৰিছে পাকিস্তানে। ইয়াৰে এটা মল্লযুঁজত আৰু এটা বক্সিঙত। উল্লেখ্য যে পাকিস্তানে ১৯৫৬ ৰ পৰা ১৯৭২ লৈ ক্রমাগত পাচবাৰ অলিম্পিকৰ হকীৰ ফাইনেল খেলিছে।

ইয়াৰে দুবাৰ সােণ আৰু তিনিবাৰ ৰূপ জয় কৰিছে। ১৯৬০ৰ ৰােম অলিম্পিকত পাকিস্তানে সর্বাধিক দুটা পদক লাভ কৰিছিল। এটা হকীৰ সােণ আৰু এটা মল্লযুঁজৰ ব্রঞ্জ। ইফালে, ১৯৮৮ ত ছিউল অলিম্পিকত পাকিস্তানে বক্সিঙৰ ব্রঞ্জ লাভ কৰিছিল। অলিম্পিকত ভাৰতৰ উত্তৰণৰ সময়তে এতিয়া পাকিস্তানৰ জনসাধাৰনেও বিচাৰিছে অলিম্পিকৰ ২৯ বছৰীয়া হতাশা সমাপ্ত কৰি পৰবতী পেৰিছ অলিম্পিক পদক জয়ৰ সফলতা লাভ কৰাত। কিন্তু ইমৰাণ খান চৰকাৰৰ ক্রীড়া নীতিক নাগৰিকে সমালােচনা কৰিছে।

Exit mobile version