মনত অদম্য সাহস আৰু হেঁপাহ থকাৰ স্বত্তেও থমকি ৰৈছে আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ প্ৰতিমা দহোতীয়া

তিনিচুকীয়া জিলাৰ মাকুম ৰাইডাং গাঁ‌ৱৰ জীয়ৰী প্ৰতিমা দহোতীয়াই এসময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যথেষ্ট সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল, কিন্তু বৰ্তমান প্ৰতিমা অবহেলিত ৷

কেতিয়াবা ৰাজপথত, কেতিয়াবা ঘৰৰ চোতালত, নতুবা কেতিয়াবা গাঁ‌ৱৰ জৰাজীৰ্ণ খেলপথাৰখনতেই অনুশীলন কৰি গৈছে ।

উল্লেখ্য যে এইগৰাকী দৌৰবিদ প্ৰতিমা দহোতীয়াই বিগত ২০১৫-১৬ বৰ্ষত ভূটানত অনুষ্ঠিত হোৱা ষ্টুডেণ্ট অলিম্পিকত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি মাত্ৰ ২৬ ছেকেণ্ডত দুশ মিটাৰ দৌৰ সম্পন্ন কৰি সোণৰ পদক, গুজৰাটত অনুষ্ঠিত হোৱা ষ্টুডেণ্ট অলিম্পিকতো লাভ কৰিছিল সোণৰ পদক, লগতে ২০১৮ত বিহাৰৰ পৰা ভাৰতৰত্ন অতল বিহাৰী বাজপেয়ী শ্ৰেষ্ঠ বঁ‌টা লাভ কৰিছিল ।

তাৰ পাছতো বৰ্তমান থমকি ৰ’ব লগা হৈছে প্ৰতিভাসম্পন্ন দৌৰবিদগৰাকীয়ে।

আৰ্থিক দৈন্যতাৰ লগতে এজন উপযুক্ত প্ৰশিক্ষকৰ অভাৱত ক’ৰবাত যেন থমকি ৰোৱাৰ লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অকণমান সহাঁৰি বিচাৰিছে দৌৰবিদ প্ৰতিমা দহোতীয়াই ৷

Exit mobile version