কচুগাঁৱত এছ এছ বিৰ উদ্যোগত সেনা-অৰ্ধসামৰিক বাহিনীত যোগদানৰ প্ৰাক প্ৰশিক্ষণ শিবিৰৰ আয়োজন

বড়ো যুৱক-যুৱতীসকলক ভাৰতীয় সেনাত যোগদান কৰিবলৈ সহায় কৰাৰ বাবে গোসাইগাঁও মহকুমাৰ কচুগাঁৱত এছ এছ বিৰ উদ্যোগত প্ৰাক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে ৷ ১১ আগষ্টৰ পৰা ১৭ আগষ্টলৈকে অনুষ্ঠিত হ’বলগীয়া সাতদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আজি আনুষ্ঠানিক উদ্বোধন কৰা হয় ৷

কচুগাঁৱস্থিত বৰদৈ শইকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ কাৰ্য্যবাহী সদস্য উকীল মুছাহাৰী ৷ অনুষ্ঠানত উপস্থিত কাৰ্য্যবাহী সদস্য উকীল মুছাহাৰী উপস্থিত থাকি বড়ো যুৱক যুৱতীসকলক সেনাত যোগদানৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷

উল্লেখ্য যে সেনাত যোগদানৰ বাবে প্ৰয়োজনীয় সকলো বিষয়ে পাৰ্গত কৰি তোলাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বুলি ছেকেণ্ড ইন কামাণ্ড ডি আৰ সিঙে জানিব দিয়ে ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্য্যবাহী সদস্য উকীল মুছাহাৰী, এবছুৰ কোকৰাঝাৰ জিলা সভাপতি কৃপেশ দৈমাৰীসহ স্থানীয় কে’বাজনো বিশিষ্ট অতিথি ৷

Exit mobile version