কলগাছিয়াত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ক্ষোভ এ আই ইউ ডি এফৰ, ক্ষুব্ধ কৰ্মী-সমৰ্থকে কৰিলে অখিল গগৈৰ প্ৰতিকৃতি দাহ

আজি কলগাছিয়াত এ আই ইউ ডি এফ আৰু ছাত্ৰ সংগঠন ইউ ডি এছ এফে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এ আই ইউ ডি এফৰ পৰা ১০ কোটি টকা দাবী কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

বিজেপিৰ ধন লৈ বিজেপিৰ শ্ৰুতলিপি মতে বিধায়ক গৰাকীয়ে এ আই ইউ ডি এফৰ বিৰুদ্ধে সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই বুলি দলীয় কৰ্মী-সমৰ্থক সকলে দাবী কৰিছে।

প্ৰতিবাদকাৰী সকলে শিৱসাগৰৰ বিধায়ক অখিল গগৈ মুৰ্দাবাদ, সাম্প্ৰদায়িক অখিল গগৈ হুচিয়াৰ, বিজেপিৰ দালাল অখিল গগৈ হুচিয়াৰ, বিজেপিৰ দালাল অখিল গ’বেক আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে কলগাছিয়াৰ পৰিৱেশ উত্তাল কৰি তোলে।

এইক্ষেত্ৰত অনাগত দিনত এ আই ইউ ডি এফৰ বিৰুদ্ধে ভুল ব্যাখ্যা নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে।

Exit mobile version