ছেপ্তেম্বৰত মুকলি কৰা হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

জীপলাইন-ক্ৰকোডাইল পাৰ্কে নতুনকৈ শোভা বঢ়াব মানাহৰ

3

ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ ৰাইম’নাকে ধৰি বিটিআৰৰ আন আন পৰ্যটনক্ষেত্ৰসমূহো মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ছেপ্তেম্বৰ মাহৰ ভিতৰতেই৷

এই কথা জানিবলৈ দিয়ে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ন দাসে৷বুধবাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত হঠাতে আহি উপস্থিত হৈ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য গৰাকীয়ে সংবাদ মাধ্যমৰ আগত বিটিআৰৰ পৰ্যটন ক্ষেত্ৰসমূহক নতুন ৰূপ দিয়া হ’ব বুলি উল্লেখ কৰি দেশীয় পৰ্যটকসকলে বিটিআৰৰ পৰ্যটনক্ষেত্ৰসমূহক আকৰ্ষণীয় কৰিছে বুলি মন্তব্য প্ৰদান কৰে৷

লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীপলাইন আৰু ক্ৰকোডাইল পাৰ্ক স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয় ইতিমধ্যে এই সংক্ৰান্তত ভাৰত চৰকাৰলৈ প্ৰ’পজেল পঠোৱা হৈছে৷ দুই এমাহৰ ভিতৰতে এইয়া সম্ভৱ হৈ উঠিব৷

যিটো মানাহৰ পৰ্যটকৰ বাবে এক সুখবৰ হিচাপে বিবেচিত হোৱাৰ উপৰিও ই মানাহৰ শোভা বৰ্দ্ধন কৰিব৷ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে কয়, বিটিআৰত গ্ৰাম্য পৰ্যটন আছে৷

পৰ্যটন কেন্দ্ৰৰ সমীপৰ লোক অতিথিভৱ হ’ব লাগে৷আমাৰ বিটিআৰৰ মানুহ অতিথিভৱ৷পৰ্যটক তাতেহে যায় য’ত মানুহ অতিথিভৱ হয়৷বাহিৰৰ মানুহক ভাল ব্যৱহাৰ কৰে৷মানাহকে ধৰি বিভিন্ন পৰ্যটন ক্ষেত্ৰ সমুহত পৰ্যটন আগবঢ়াই নিব পৰা যথেষ্ট সুবিধা এইকাৰণেই আছে যে এনে অঞ্চলবোৰৰ লোক অতিথিপ্ৰিয় হয়৷

ভৈৰৱকুণ্ডাৰ পৰা ৰাইমনালৈকে সকলো যাতে আমি আকৰ্ষণীয়ভাবে আগবঢ়াই নিব পাৰোঁ তাৰবাবে দেহেপ্ৰাণে চেষ্টা কৰিম৷ক’ভিড শেষ হোৱাৰ পিছত বিটিএডিৰ ট্যুৰিজিম আগশাৰীত থাকিব বুলি আমি আশাবাদী,কাৰণ ইয়াত যথেষ্ট বায়োডাইভাৰ্চিটি আছে৷

Exit mobile version