জার্মান চৰকাৰে অহা অক্টোবৰৰ পৰা কৰ’না ভাইৰাছৰ বিনামূলীয়া পৰীক্ষণ বন্ধ কৰিব পাৰে। এই সন্দৰ্ভত জার্মান চেঞ্চেলৰ এঞ্জেলা মর্কেল আৰু ১৬ ৰাজ্যৰ মুৰব্বীয়ে এক বৈঠকত আলােচনা কৰিব।
ADVERTISEMENT
দেশখনৰ চৰকাৰে যােৱা মার্চত সকলাে নাগৰিকৰ বাবে কৰ’নাৰ পৰীক্ষণ বিনামূলীয়া কৰিছিল। দেশখনৰ ৫৫ শতাংশ নাগৰিকে প্রতিষেধকৰ দুপালি গ্রহণ কৰাৰ পাছত আবেদন জনাই কৈছে যে যিসকল লােকে এতিয়াও প্রতিষেধক গ্রহণ কৰা নাই, তেওঁলােকৰ ক’ভিড পৰীক্ষণৰ নামত কৰদাতাৰ ধন ব্যয় কৰাৰ প্রয়ােজন নাই।