বিজেপিক পৰাভূত কৰিবলৈ কোনো দল অস্পৃশ্য নহয় : ক’লে য়েছুৰীয়ে

1625667188 1

সৰ্ব্বভাৰতীয় ৰাজনীতিত বিজেপিক প্ৰতিৰোধ কৰিবলৈ কোনো দলৰ প্ৰতি অস্পৃশ্যতা ৰাখিব নিবিচাৰে চি পি আই এমে ।

কিছুদিন পূৰ্বে বামমৰ্চাৰ অধ্যক্ষ বিমান বসুৱে কৈছিল যে বিজেপি বিৰোধিতাৰে সৰ্ব্বভাৰতীয় স্তৰত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু কচ্ছৰ পৰা কহিমালৈকে যিকোনো দলৰ স’তে বামমৰ্চাই একেলগে কাম কৰিবলৈ সাজু আছে ।

এইবাৰ চি পি আই এমে তিনিদিনীয়া কেন্দ্ৰীয় কমিটীৰ বৈঠকৰ অন্তত সৰ্বভাৰতীয় ক্ষেত্ৰত বিজেপিক প্ৰতিৰোধ কৰিবলৈ কোনো দলৰ প্ৰতি অস্পৃশ্যতা ৰখা নহ’ব বুলি সিদ্ধান্ত গৃহীত কৰিলে । অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত বাম দলটোৱে বিজেপি বিৰোধী যিকোনো দলৰ স’তে একেলগে কাম কৰিবলৈ প্ৰস্তুত আছে ।

Exit mobile version