টিকাকৰণ কৰাৰ পাছতো ক’ভিডত সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু টিকাকৰণ কৰিলে ৰোগীৰ মৃত্যু আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস হয়। বিশেষজ্ঞসকলে আৰম্ভণিৰে পৰা এই কথা জানিবলৈ দিছে ।
এই পৰিস্থিতিত, কেৰালাত টিকাকৰণ কৰাৰ পাছতো ৪০ হেজাৰতকৈও অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই সৰ্বভাৰতীয় সংবাদ মাধ্যমক এনে তথ্য প্ৰদান কৰে।
টিকাকৰণ কৰা পাছতো শৰীৰত নতুন কৈ সংক্ৰমণ ধৰা পৰিছে । তেওঁলোকৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু জিনোম অনুক্ৰমৰ বাবে কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। কোনো বিশেষজ্ঞই ইতিমধ্যে কৈছে যে এবাৰ এজন ব্যক্তি ক’ভিডৰ দ্বাৰা সংক্ৰমিত হ’লে, তেওঁৰ শৰীৰে ভাইৰাছৰ স’তে যুঁজিবলৈ শক্তি লাভ কৰে।
তাৰ পাছত ব্যক্তিজনক টিকাকৰণ কৰা হয় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী অধিক বৃদ্ধি হয়। তেনেহ’লে কি নিজৰ ৰূপ সলনি কৰি মানুহৰ শৰীৰৰ যৌথ ৰোগ প্ৰতিৰোধ জালক কৰ’না পৰিহাৰ কৰিছে কৰ’না ভাইৰাচে।কেৰেলাত ৪০হেজাৰ ‘বেকথ্ৰ’ সংক্ৰমণ ধৰা পৰাত এই প্ৰশ্ন কেন্দ্ৰৰ উদ্বেগৰ কাৰণ হৈ পৰিছে।
কেৰেলাত টিকা লোৱাৰ পাছত পুনৰ সংক্ৰমণৰ বাবে দায়ী ডেল্টা ৰূপ হয় নে নহয় ,সেইয়া এতিয়া পৰ্যন্ত জানিব পৰা নাই । অধিকাংশ ‘বেকথ্ৰ’ সংক্ৰমণ ধৰা পৰিছে কেৰেলাৰ পাঠানমথিট্টা জিলাত। সেই জিলাত প্ৰথম পালি টিকা লৈ পুনৰ ক’ভিডত আক্রান্ত হৈছে ১৪হেজাৰ ৯৭৪জন। দুটা পালি টিকা লৈ আক্রান্ত হৈছে পাঁচ হেজাৰ ৪২জন।